ওদালগুৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বাইক ৰেলী

কেইবা শতাধিক লোকৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বাইক ৰেলী

ডিজিটেল সংবাদ,ওদালগুৰিঃ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মঙলবাৰে ওদালগুৰি চহৰত জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এক বিশাল বাইক ৰেলী উলিওৱা হয়। ওদালগুৰি চহৰৰ গোলমাগাঁও হাইস্কুল প্ৰাঙ্গণৰ পৰা উলিওৱা এই বাইক ৰেলীত ওদালগুৰিৰ কেইৱা শতাধিক যুৱক-যুৱতী তথা সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে।

Advertisment

"ভাৰত মাতা কী জয়, বন্দে মাতৰম" ইত্যাদি শ্লোগানেৰে মটৰ চাইকেল সমদলটি ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি ওদালগুৰি ৰাজহুৱা দূৰ্গাপূজা মণ্ডপত সামৰণি পৰে। সমদলত উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বড়ো। তেওঁ কয় যে "দেশৰ স্বাধীনতাৰ প্ৰতি ৰাইজৰ মাজত সজাগতা অনাৰ বাবে এই কাৰ্যসূচী হাতত লৈছো। ইয়াত কোনো দলীয় শ্লোগান প্ৰদান কৰা নাই। এনেবোৰ কাৰ্যসূচীৰ দ্বাৰাই জনসাধাৰণৰ দেশমাতৃৰ প্ৰতি সন্মান পুনৰ বৃদ্ধি পাব। হৰ ঘৰ ত্ৰিৰংগা শ্লোগানেৰে আমি ইতিমধ্যে বিজেপিৰ কৰ্মকৰ্তাৰ মাজত পতাকা বিতৰণ কৰিছো। স্বাধীনতা দিৱস পৰ্যন্ত আমাৰ এনে কাৰ্যসূচী চলি থাকিব।"

উক্ত মটৰ চাইকেল সমদলত উপস্থিত থাকি সীমান্ত চেতনা মঞ্চৰ কেন্দ্ৰীয় উপ-সভাপতি তথা ওদালগুৰিৰ ব্যৱসায়ী মিনন মোছহাৰীয়ে কয় "আমি বিগত দিনবোৰতো এনে ধৰণে নিজাববীয়াকৈ কাৰ্যসূচী হাতত লৈছো। দেশ স্বাধীন হোৱা দিনটোত আমি এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱাতো আমাৰ গৌৰৱ। ৰাইজে এনে ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৌৰৱ কৰাৰ লগতে দেশৰ স্বাধীনতা সম্পৰ্কে ধাৰণা অধিক স্পষ্ট হৈছে।" আজিৰ এই মটৰ চাইকেল সমদলত বিজেপি, সীমান্ত চেতনা মঞ্চ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মী সদস্যসকল উপস্থিত থাকে।

Also Read: অহা ১২ বছৰত ভাৰতৰ জনসংখ্যা হ'বগৈ ১৫২.২ কোটিঃ বৃদ্ধি পাব মহিলাৰ সংখ্যা...

bhartiya janata yuva marcha