দেউতাকৰ গাড়ী লৈ গৈছিল ফুৰিবলৈ, দুৰ্ঘটনাতপতিত নৱম শ্ৰেণীৰ ছাত্ৰ

দেউতাকৰ গাড়ী লৈ গৈছিল ফুৰিবলৈ, দুৰ্ঘটনাতপতিত নৱম শ্ৰেণীৰ ছাত্ৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতেই আজি গোলাঘাটৰ নামবৰ বন‍্যপ্ৰানী অভয়াৰণ‍্যৰ ৩৭ নং ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে মৰঙী আঞ্চলিক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ মুচতাফা আলমে দেউতাকৰ গাড়ী লৈ বন্ধু চেইখ ফৰিড, ৰেকিবুদ্দিন আলি,ৰবিউল হুছেইন,চেমিম আখটাৰ আহমেদ,আজিবুল ইছলাম সতে চিলনিজানৰ দিশত গৈ আছিল।

তেতিয়াই এজোপা প্ৰকাণ্ড গছত খুণ্ডা মাৰে ফলত কম বেছি পৰিমাণে আটাইকেইজন আঘাত প্ৰাপ্ত হয়। স্থানীয় ৰাইজৰ সহযোগত আঘাত প্ৰাপ্ত আটাইকেজন ছাত্ৰক গোলাঘাট শ্বহীদ কোশল কো‍ঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঘাতপ্রাপ্ত সকলৰ ভিতৰত দুজনৰ অৱস্থা গুৰুতৰ বুলি জনা গৈছে।

দেউতাকৰ গাড়ী লৈ গৈছিল ফুৰিবলৈ, দুৰ্ঘটনাতপতিত নৱম শ্ৰেণীৰ ছাত্ৰ
সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in