বি ভি এফ চি উচ্চতৰ মডেল স্কুলত সুৰক্ষিত নহয় ছাত্ৰ-ছাত্ৰী !

বি ভি এফ চি উচ্চতৰ মডেল স্কুলত সুৰক্ষিত নহয় ছাত্ৰ-ছাত্ৰী !

ডিজিটেল সংবাদ, নামৰূপঃ এসময়ত অসমৰ ভিতৰতে লেখত ল'বগীয়া এখন বিদ্যালয় আছিল নামৰূপৰ বি ভিএফ চি এল মডেল হাইস্কুল। প্ৰায় তিনি-চাৰি বছৰৰ আগতে এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজন, দুজন কেতিয়াবা তিনি-চাৰিজনেও স্থান লাভ কৰিছিল।

কিন্তু বৰ্তমান দেখা গৈছে এই কৃতী, গৰিমা অক্ষুন্ন ৰাখিবলৈ লাহে লাহে বিদ্যালয়খন অসমৰ্থ হৈ আহিছে। ইয়াৰ সমান্তৰালভাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ নৈতিক স্খলন হোৱাও পৰিলক্ষিত হৈছে। শ শ ছাত্ৰ-ছাত্ৰীক পৰ্যাপ্ত সা-সুবিধা দিয়াটো ব্যৰ্থ হৈছে বিদ্যালয় কৰ্তৃপক্ষ।

ঠিক তেনে এক অভিযোগ পুনৰ উত্থাপন হৈছে বিদ্যালয়খনৰ বিৰুদ্ধে। ঘটনা অনুসৰি বৃহস্পতিবাৰে বিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰীক এচেম্বলী(assembly) হৈ থকা সময়তে স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছাত্ৰী কেইগৰাকীক ততাতৈয়াকৈ বি ভি এফ চি হাস্পতাললৈ নি ভৰ্তি কৰাই অক্সিজেনৰ ব্যৱস্থা কৰা হয়।

ইয়াৰ পাছতে বিদ্যালয়খনৰ উন্নয়নকলৈ উত্থাপিত হয় প্ৰশ্নৰ। কিয়নো বিগত বহু বছৰৰ পৰা উন্নয়নৰ নামত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ১০০০ টকাকৈ লৈ অহাৰ পাছতো ছাত্ৰ-ছাত্ৰীক পৰ্যাপ্ত সা-সুবিধা নিদিয়াৰ অভিযোগ। বি ভি এফ চি এল এলেকাত দুদিন ধৰি কাৰেণ্ট নথকাত প্ৰচণ্ড গৰমত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত পাঠদান গ্ৰহণ কৰাত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ অভিভাৱকৰ। 

এটা ক্লাছৰ প্ৰতিটো শাখাত ৫০/৬০জন পৰ্যন্ত ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো আশ্বৰ্যকজনকভাবে আজি তাৰিখলৈ বি.ভি.এফ.চি.মডেল হায়াৰ চেকেণ্ডেৰী স্কুলে এটা জেনেৰেটৰ ব্যৱস্থা কৰিব নোৱাৰত ক্ষোভ অভিভাৱকৰ। ডেভেলপমেণ্টৰ নামত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা লোৱা সাহাৰ্য কি শিতানত খৰছ কৰিছে ইয়াক মুকলি কৈ প্ৰকাশ কৰিবলৈ লৈ সৰ্বত্ৰে  দাবী উত্থাপন কৰিছে সচেতন মহলে। 

সমান্তৰালভাবে সুস্থিৰ পৰিৱেশ দিব নোৱাৰাৰ ফলতো দিনে দিনে ছাত্ৰ-ছাত্ৰীসকলৰ চৰিত্ৰৰ স্খলন ঘটিছে বুলিও মন্তব্য কৰে এচামে। ফলশ্ৰুতিত বিদ্যালয়খনত একাংশ ছাত্ৰ-ছাত্ৰীয়ে গুটখা-পানমছলা আদি বিদ্যালয়লৈ লৈ যোৱা, একাংশ ছাত্ৰৰ উদ্ভণ্ডালি, মাৰপিট, হাই-কাজিয়াই কেতিয়াবা চূড়ান্ত পৰ্যায় অতিক্ৰম কৰি পুলিচৰ সহায় ল'বলগীয়া পৰ্যয়ো পাইছেগৈ। মাৰপিটত আঘাটপ্ৰাপ্ত  ছাত্ৰক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিব লগীয়া পৰ্যয়ো পোৱাৰো উদাহৰণ বিদ্যালয়খনৰ ক্ষেত্ৰত বিৰল নহয়।

এনে প্ৰেক্ষাপটত এই সমগ্ৰ বিষয়সমূহ অতি শীঘ্ৰে ঊৰ্দ্ধতম কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিক তদন্ত কৰিবলৈ আহ্বান জনাছে একাংশ অভিভাৱক আৰু সংগঠনসমূহে। যাতে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত থকা সময়ত সৰ্বতো প্ৰকাৰে সুৰক্ষিত হয় আৰু নৈতিকতাৰ ক্ষেত্ৰত কোনো অন্যায় নহয়। তাৰ বাবে বিশেষ চকু দিবলৈ আহ্বান জনাইছে অভিভাৱকসকলে।

বি ভি এফ চি উচ্চতৰ মডেল স্কুলত সুৰক্ষিত নহয় ছাত্ৰ-ছাত্ৰী !
ঐতিহাসিক ৰংদৈ নৈৰ কাষৰীয়া এলেকাত ঐতিহ্য ৰক্ষাৰ পদক্ষেপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in