Advertisment

মহৎ উদ্দেশ্যৰে ডাউন টাউন স্কুলৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শনীঃশিক্ষাৰ্থীৰ কেনভাচ বিক্ৰী...

মহৎ উদ্দেশ্যৰে ডাউন টাউন স্কুলৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শনীঃশিক্ষাৰ্থীৰ কেনভাচ বিক্ৰী...

author-image
Asomiya Pratidin
New Update
মহৎ উদ্দেশ্যৰে ডাউন টাউন স্কুলৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শনীঃশিক্ষাৰ্থীৰ কেনভাচ বিক্ৰী...

মহৎ উদ্দেশ্যৰে ডাউন টাউন স্কুলৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শনীঃশিক্ষাৰ্থীৰ কেনভাচ বিক্ৰী...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত অভিজাত শিক্ষানুষ্ঠান ডাউন টাউন স্কুলৰ শিক্ষাৰ্থীসকলৰ এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ জুনিয়ৰ কেজিৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে নিজস্ব চিন্তাৰে তৈয়াৰ কৰা বিভিন্ন শিল্পকৰ্মসমূহ ইয়াত প্ৰদৰ্শন কৰা হয়।

Advertisment

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয়ৰ ভাস্কৰ্যৰ প্ৰবক্তা ৰাতুল চন্দ্ৰ গগৈ উপস্থিত থাকি শিল্পীসকলক উৎসাহিত কৰে। এই প্ৰদৰ্শনৰ মুখ্য আকৰ্ষণ আছিল শিক্ষাৰ্থীসকলে তৈয়াৰ কৰা সৰু সৰু কেনভাচবোৰ।

এই কেনভাচবোৰ এক মহৎ উদ্দেশ্যৰে বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ইয়াৰ জৰিয়তে সংগ্ৰহ কৰা ধন সহায়িকা নামৰ বেচৰকাৰী সংগঠনলৈ হস্তান্তৰ কৰা হ'ব। এই সহায়িকা বেচৰকাৰী সংস্থাই বিশেষভাৱে সক্ষম শিশুৰ যত্ন লোৱা লোকসকলক সহায় কৰি আহিছে।

Also Read: যোৰহাটৰ ৰাজা দাসৰ শিৰত মিষ্টাৰ অসমৰ খিতাপ...

কলাক্ষেত্ৰ ডাউন টাউন স্কুল