/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
হাজো আৰক্ষীৰ অভিযানঃ ৩ টা গভাইত চোৰক আটক...
ডিজিটেল ডেস্কঃ হাজো আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ গভাইত চোৰ। আৰক্ষীয়ে হাজোৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰিছে এই তিনিটাকৈ চোৰক।
জানিব পৰা মতে এই তিনিওটা চোৰে ফাঁচী বজাৰৰ পৰা বিভিন্ন সামগ্ৰী চুৰি কৰিছিল। এই চোৰ কেইটাৰ পৰা আৰক্ষীয়ে ৩ টা টিভি, ১৫ টা হেলমেট আৰু এখন স্কুটি জব্দ কৰিছে।
ধৃত চোৰ কেইটাৰ নাম ইছমাইল আলী, আইনাল হক আৰু আফজাল আলী।