/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c0d73e88-c94e-45d8-9ab6-a7f000caa2de/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, হাজোঃ অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান হাজোৰ কঞা আৰক্ষীৰ। অভিযানত কুখ্যাত সুৰা মাফিয়া জনাৰ্দন কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। কঞা ৰাজহ চক্ৰৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সুৰাৰ সাম্ৰাজ্য চলোৱা কুখ্যাত সুৰা মাফিয়া জনাৰ্দন কলিতাক বিচাৰি অভিযান অব্যাহত আছিল বিভাগটোৰ। বুজন পৰিমাণৰ সুৰাসহ জনাৰ্দন কলিতাক গ্ৰেপ্তাৰ কৰা হয়। সমগ্ৰ অঞ্চলজুৰি সুৰাৰ এক ভয়ংকৰ ব্যৱসায় গঢ়ি তুলিছিল জনাৰ্দন কলিতাই।
Also Read: বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ