/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cecba379-522e-448e-b793-4b77fd10fee2/download.jpg)
ডিজিটেল ডেস্ক: ১১ মাহ পুৰণি এটা চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা। কিন্তু সেই ঘটনাই লৈছে এক নতুন মোৰ। প্রেমৰ বাবেই প্রেমিকাৰ পৰিয়ালে যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্রেমিকাসহ পিতৃক গ্রেপ্তাৰ কৰিছে কামৰূপ আৰক্ষীয়ে। গ্রেপ্তাৰ কৰিছে মঞ্চুৱ আলী আৰু যুৱতীগৰাকীক।
হত্যাৰ বলি হোৱা যুৱকজনৰ নাম সৌৰভ দাস বুলি জানিব পৰা গৈছে। ১৮ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছি হাজোৰ সৌৰভ দাস।
বন্ধুৰ লগত ওলাই গৈ উভতি অহা নাছিল সৌৰভ। তাৰ পিছতেই পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ।