কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত অবাধ গতিত বন ধ্বংস

কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত অবাধ গতিত বন ধ্বংস

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত অবাধ গতিত বন ধ্বংস।কাৰ্বি আংলঙত বন ধ্বংসৰ বিৰোদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান । কাৰ্বি আংলং জিলাৰ পাৰ্কুপ ৰেঞ্জৰ অধীনৰ ৰঙাগড়া খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাত চোৰাং কাঠৰ বিৰুদ্ধে চলিছে ধাৰাবাহিক অভিযান।

প্ৰতিদিনে চলা অভিযানত জব্দ হৈছে শ শ কেবি মূল্যবান চোৰাং কাঠ ৷বৃহস্পতিবাৰে বিয়লি ডলামৰাৰ ACF বিষয়াৰ নিৰ্দেশত এটা দলে অভিযান চলাই মানডুৱেৰ পৰা জব্দ কৰে ৪০ টা মূল্যবান কাঠৰ ফান্তা।উল্লেখ্য যে কাৰ্বিপাহাৰৰ সেউজ ভূমিৰ পৰা দৈনিক শতাধিক গাড়ীৰে কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে অসাধু ব্যৱসায়ীয়ে ৷

ষ্টাফ কম হোৱাৰ বাবেই এনে দুস্কাৰ্য্য চলি আছে বুলি স্বীকাৰোক্তি ৰঙাগড়া খণ্ড বন বিষয়া নগেন নাৰ্জাৰীৰ ৷ইফালে কাজিৰঙাৰ আশীৰ্বাদ স্বৰূপ কাৰ্বি পাহাৰত অবাধ গতিত হোৱা বন ধ্বংস বন্ধ কৰিব নোৱাৰাটো পৰিতাপৰ বিষয় বুলি মত প্ৰকাশ কৰিছে পৰিৱেশ কৰ্মী বুবুল শৰ্মাই ৷কাৰ্বি পাহাৰক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অতি সোনকালে কাৰ্বি আংলং বন বিভাগ, প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান পৰিৱেশকৰ্মী শৰ্মাৰ ৷

কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত অবাধ গতিত বন ধ্বংস
অৱশেষত চাকৰি পালে! মুখ্যমন্ত্ৰীক ধন্যবাদ মঙলদৈৰ সংগীতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in