/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/qsw2jj6h/AP FOR WEB poison.jpg)
ডিজিটেল সংবাদ,হাজোঃ হাজোৰ ৰামদিয়াত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ শতাধিক লোক। ৰামদিয়াৰ বৈদ্যপাৰাৰ মেঘনাৰায়ন সত্ৰত বুধবাৰে নিশা অনুষ্ঠিত হোৱা নন্দোৎসৱৰ প্ৰসাদ আৰু লাৰু খাই অসুস্থ হৈ পৰে বহু পুৰুষ-মহিলাৰ লগতে শিশু। আক্ৰান্ত সকলৰ অধিকাংশই মহিলা আৰু শিশু।
আক্ৰান্ত সকলক ইতিমধ্যে হাজো FRU আৰু শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে একাংশ ৰোগীক শিঙিমাৰী চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছে।দুয়োখন চিকিৎসালয়ত ৰোগী সকলক উন্নত চিকিৎসা প্ৰদান কৰিছে।
Also Read: মৃত্যুৰ দিশে আছাম পেট্ৰ’ কেমিকেলছ লিমিটেড, নিৰ্বিকাৰ চৰকাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us