হাজোত ৮০ হাজাৰ চাকি নিৰ্মাণ কৰি চৰ্চাত এগৰাকী ৬০ উৰ্ধৰ মহিলা...

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী

author-image
Asomiya Pratidin
New Update
হাজোত ৮০ হাজাৰ চাকি নিৰ্মাণ কৰি চৰ্চাত এগৰাকী ৬০ উৰ্ধৰ মহিলা...

hajo diwali

ডিজিটেল সংবাদ, হাজোঃ- পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকা সময়তে চৰ্চালৈ আহিছে তীৰ্থনগৰী হাজোৰ এগৰাকী ৬০ উৰ্ধৰ বয়সৰ মহিলা। দিপাৱলীক লৈ মহিলা গৰাকীৰ বিৰামহীন ব্যস্ততা। দিন-ৰাতি একাকাৰ কৰি মাত্ৰ ব্যস্ত চাকি নিৰ্মাণ কৰাত।

Advertisment

পোহৰৰ উৎসৱ দিপাৱলীত মাটিৰ চাকি বিক্ৰীৰে এক আৰ্থিক সকাহ পোৱাৰ লক্ষ্যৰে ইটোৰ পিছত সিটোকৈ মাটিৰ চাকি নিৰ্মাণেৰে সম্প্ৰতি প্ৰায় ৮০ হাজাৰ চাকি নিৰ্মাণৰ দেওনা অতিক্ৰম হোৱাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তীৰ্থনগৰী হাজোত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এই মহিলা গৰাকী হৈছে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুমাৰপাৰাৰ প্ৰণিতা দাস।

পখিলা খেদা বয়স অতিক্ৰমী প্ৰায় দহ বছৰ বয়সৰ পৰা মৃৎ শিল্পৰ সৈতে জড়িত হৈ বিগত প্ৰায় পঞ্চাশ বছৰ মৃৎ শিল্পৰ কাম কৰি আহিছে এই মহিলাগৰাকীয়ে। এইবেলিও দিপাৱলী উপলক্ষে অকলেই প্ৰায় ৮০ হাজাৰতকৈয়ো অধিক চাকি নিৰ্মাণ কৰি উলিয়াইছে প্ৰণীতা দাসে। মহিলাগৰাকীয়ে নিৰ্মাণ কৰা চাকি ইতিমধ্যে তীৰ্থনগৰী হাজোৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰলৈ ৰপ্তানি কৰিছে।

সম্প্ৰতি মহিলা গৰাকীৰ কুমাৰপাৰাৰ বাসগৃহত বিভিন্ন প্ৰান্তৰ খুচুৰা চাকি ব্যৱসায়ীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। মনত অদম্য সাহস থকা স্বামীহাৰা মহিলাগৰাকী আজি আনৰ বাবে হৈ পৰিছে এক প্ৰেৰণাৰ উৎস।

তীৰ্থনগৰী হাজোৰ পঞ্চতীৰ্থৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত ভক্তই আগবঢ়োৱা মাটিৰ চাকিও প্ৰায় প্ৰণিতা দাসে নিৰ্মাণ কৰাৰ কথা জানিব পৰা গৈছে। লক্ষণীয় যে, এই শিল্পী গৰাকীয়ে মৃৎশিল্প জীয়াই ৰাখিবলৈ কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে।

assam hajo preparation diwali