/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d0fcd4cb-5033-46f3-b70b-03cf71ddefad/hajo.jpg)
ডিজিটেল সংবাদ,হাজোঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কামৰূপ জিলা সমিতিৰ উদ্যোগত হাজো ব্লক কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে হাজোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অহা পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন লৈ নিৰ্বাচন অনুষ্ঠিত কৰে তাৰ বাবে হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মঙলবাৰে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
আনফালে বিদ্যুৎ বিভাগে জনসাধাৰণৰ ওপৰত বিদ্যুতৰ মাছুল বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ সোধোৱাৰ লগতে স্মাৰ্ট মিটাৰে জনসাধাৰণক যি জলা কলা খুৱাইছে তাৰ বাবে আজি হাজো ব্লক কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ হায় হায় নন্দিতা গাৰ্লোচা হায় হায়, শক্তি বিভাগ হায় হায়, এনেদৰে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
Also Read: গুজৰাটৰ উপকূলীয় অঞ্চলত 'বিপৰ্যয়'ৰ ফলত ভূমিস্খলনৰ সম্ভাৱনা ! কেইবাখনো ৰে'ল বাতিল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us