হাটশিঙিমাৰীত হজযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু ভেকচিন প্ৰদান...

হাটশিঙিমাৰীত হজযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু ভেকচিন প্ৰদান...

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত হজযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু ভেকচিন প্ৰদান...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰ জিলাৰ পৰা এইবাৰ হজলৈ যাবলগীয়া ৬৯গৰাকী হজযাত্ৰীক দেওবাৰে জিলা স্বাস্থ্য বিভাগৰ পৰা স্বাস্থ্য পৰীক্ষাৰ লগতে ভেকচিন প্ৰদান কৰা হয়।

Advertisment

উল্লেখযোগ্য যে, দেওবাৰে দিনৰ ১১ বজাৰ পৰা জিলাখনৰ মুঠ ৬৯গৰাকী হজযাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত ভেকচিন প্ৰদান কৰি হজৰ বাবে প্ৰস্তুতি সম্পন্ন কৰা হয়। এইবেলি জিলাখনৰ পৰা ৬৯গৰাকী হজযাত্ৰীৰ ভিতৰত ২৪ গৰাকী মহিলা আৰু ৪৫ গৰাকী পুৰুষ হজযাত্ৰী মক্কা আৰু মদিনাত হজৰ বাবে যোৱাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। লক্ষণীয় যে প্ৰথমবাৰৰ বাবে হাজী মুছাফিৰখানাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা হজ কমিটিৰ উদ্যোগত ইতিমধ্যে হজযাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

Also Read: দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন...

south salamara