শীতৰ প্ৰকোপে জোকাৰি গৈছে বিশ্ব...

শীতৰ প্ৰকোপে জোকাৰি গৈছে বিশ্ব...

ডিজিটেল ডেস্ক : শীতৰ প্ৰকোপে জোকাৰি গৈছে সমগ্ৰ বিশ্বক । এই প্ৰকোপৰ পৰা হাত সাৰি যাব পৰা নাই পাশ্চাত্যৰ এখনো দেশ । শীতৰ সৈতেই নামি আহিছে প্ৰবল তুষাৰপাত আৰু তুষাৰ ধুমুহা । কোনো কোনো অঞ্চলত শিলাবৃষ্টি । 

উল্লেখ্য যে, আমেৰিকাৰ উত্তৰ প্ৰান্তত আৰু ইউৰোপৰ পূব প্ৰান্তত শীতৰ এই প্ৰকোপ সকলোতকৈ বেছি । আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যতম চহৰ নিউয়ৰ্কক পৱিত্ৰ বৰদিনৰ পাছতেই আৱৰি ধৰিলে বৰফে । নিউয়ৰ্কৰ কোনো কোনো অঞ্চকত ৪ ফুট পৰ্যন্ত বৰফৰ চামনি দেখা গ'ল । আনহাতে, প্ৰবল তুষাৰ ধুমুহাতো মৃত্যু হ'ল বহু কেইজনৰ ।

আনহাতে, ইউৰোপত শীতৰ সমস্যা আৰু গভীৰ । ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ১০ টা মাহ অতিক্ৰম কৰাৰ পাছত সমগ্ৰ মহাদেশ খনত দেখা গৈছে শক্তি সংকট । এই শক্তি সংকটৰ বাবে চলিত বৰ্ষৰে অক্টোবৰ মাহত জাৰ্মানীয়ে ঘোষণা কৰিছিল ৬৫ বিলিয়ন ইউৰোৰ ৰাজসাহায্য । ইয়াৰ উপৰিও, ৰাছিয়াই যুদ্ধনীতি ভংগ কৰি আক্ৰমণ কৰিছিল ইউক্ৰেইনৰ শক্তি উৎপাদন আৰু বিতৰণ কেন্দ্ৰ সমূহত । যাৰ বাবে এতিয়া শক্তিৰ পৰা বঞ্চিত হেজাৰ হেজাৰ ইউক্ৰেনিয়ান । শক্তিৰ অবিহনে পূব ইউৰোপৰ শীতৰ সৈতে মোকাবিলা কৰা অসম্ভৱ হৈ উঠিব আগন্তুক সময়ত । তেনেস্থলত ইউক্ৰেইনক প্ৰয়োজন হ'ব এক বৃহৎ পৰিমাণৰ শক্তি আমদানিৰ ।

উল্লেখ্য যে, কেৱল অইন দেশ সমূহেই নহয় বৰং ভাৰততো পৰিলক্ষিত হ'ল শীতৰ আগমন । দিল্লী, পাঞ্জাৱ আদি ৰাজ্যক চানি ধৰিছে কুৱঁলীয়ে । ইয়াৰ ওপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ অসমৰো কিছু কিছু অঞ্চলত মঙলবাৰে পুৱা দেখা গ'ল শিলাবৃষ্টি । উজনি অসমৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি হোৱাৰ লগতে ডিমৌতশিলাবৃষ্টিৰ লগতে হ'ল বৰষুণ । স্বাভাৱিকতেই যাৰ বাবে ৰাজ্যত বৃদ্ধি পালে শীত । আগন্তুক দিনত শীতৰ প্ৰকোপ আৰু বৃদ্ধি হ'লে নিশ্চয়কৈ ব্যাঘাত জন্মিব জনজীৱনত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in