মণিপুৰক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰি আছেঃ অখিলেখ যাদৱ

মণিপুৰক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰি আছেঃ অখিলেখ যাদৱ

ডিজিটেল ডেস্কঃ 'বিৰোধী মৰ্চা 'ইণ্ডিয়া'ই বিজেপিত নিশ্চিহ্ন কৰি পেলাব'- এই মন্তব্য সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিল যাদৱৰ। বুধবাৰে তেওঁ কয় যে, 'ইণ্ডিয়া'ই বিজেপিক কেৱল উত্তৰ প্ৰদেশৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰা নিশ্চিহ্ন কৰি পেলাব।

তেওঁ দাবী কৰি কয় যে বিজেপি বিৰোধী মিত্ৰতাক লৈ উদ্বিগ্ন হৈ আছে। লগতে বিৰোধী মৰ্চাৰ ইণ্ডিয়া নামটোকলৈও শংকিত হৈ পৰিছে। বিজেপি ২০১৪ চনত শাসনলৈ আহিছিল আৰু ইয়াক ২০২৪ চনত পেকিং পঠিয়াই দিয়া হ'ব। তেওঁ কয় যে মিত্ৰজোঁটৰ নাম - ইণ্ডিয়াই - "আমাৰ সংস্কৃতি আৰু ভাতৃত্ববোধৰ বাৰ্তাক বুজায়"।

২০২৪ চনত বিজেপি শাসনলৈ আহিবলৈ সকলো চেষ্টায়েই কৰি আছে। বিজেপিয়ে শংকিত হৈ হিংসাৰ পথ বাছি লোৱা বুলিও দাবী কৰে যাদৱে। লগতে কয় যে, মণিপুৰৰ হিংসাও বিজেপিয়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। যাৰ বাবে মণিপুৰ জ্বলি আছে।

মণিপুৰৰ দুই মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি যাদৱে কয় যে, সেই মহিলাসকলৰ লগত শাসকীয় দলে কথা পাতিব লাগে। যদি কথা নাপাতে তেন্তে বিশ্বাস কৰিম যে মণিপুৰৰ ঘটনা বিজেপৰে পূৰ্ব পৰিকল্পিত আছিল।

উল্লেখ্য যে, ২৬ টাকৈ বিৰোধী দল লগ লাগি গঠন কৰিছে বিৰোধী মৰ্চা ইণ্ডিয়া। ইয়াৰ পাছতে শাসকীয় পক্ষই এই নামকলৈ বহু কটাক্ষমূলক মন্তব্য কৰি আহিছে। তাৰ মাজতে বিৰোধী দলৰ অভিযোগ যে শাসকীয় পক্ষ উদ্বিগ্ন হৈছে।

মণিপুৰক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰি আছেঃ অখিলেখ যাদৱ
হাতীগাঁৱত চাঞ্চল্যঃ নামাজৰ বাবে ওলাই যোৱা জাভেদক ৰডেৰে মৰিয়াই হত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in