ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযানঃ ৩ জনক গ্ৰেপ্তাৰ...

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযানঃ ৩ জনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযানঃ ৩ জনক গ্ৰেপ্তাৰ...

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযানঃ ৩ জনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে হাইলাকান্দি আৰক্ষীৰ অভিযান। এনে অভিযানৰ মাজতে পুনৰ হাইলাকান্দি আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী। জব্দ হৈছে ৬২ গ্ৰাম ড্ৰাগছ।

Advertisment

আটক হোৱা ড্ৰাগছ ব্যৱসায়ী কেইটা ক্ৰমে সাইদুৰ ৰহমান মজুমদাৰ,সিৰাজ উদ্দিন লস্কৰ আৰু মিটুন আৰ্চায্য। আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে এ এছ ২৪ ডি ৫২৮৬ নম্বৰৰ এখন চাৰি চকীয়া বাহন।

উল্লেখ্য যে, হাইলাকান্দি জিলাৰ কাটলিছেৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিংত সময়ত AS 24 D 5286 নম্বৰৰ মিজােৰামৰ পৰা অহা গাড়ি খনত তালাচি চলাই লালা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি  ৫ টা চাবোনৰ বাকচ উদ্ধাৰ কৰিছে লগতে গাড়িৰ পৰা তিনিজন লোকক ও আটক কৰিবলৈ সক্ষম হৈছে। জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য ৪০ লাখ টকা হ'ব বুলি লালা আৰক্ষীয়ে অনুমান কৰিছে । বৰ্তমানে এই ড্ৰাগছ ব্যৱসায়ী তিনিজনক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: কাকপথাৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী...

ড্ৰাগছ বিৰোধী অভিযান