/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ccb8593c-3a8e-496c-a4cc-8652b029b915/BORO_SAHITYA_SABHA.jpg)
ডিজিটেল সংবাদ, চিৰাং: পুনৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী। দীৰ্ঘদিন সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকাৰ পিছত চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰী অৰ্থাৎ বিটিচি চুক্তিৰ বৰ্ষপূৰ্তি দিনৰ পৰা বিটিচিৰ প্ৰাক্তন প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে সমগ্ৰ বিটিআৰ এলেকা সামৰি ধাৰাবাহিক ৰাজনৈতিক অভিযান আৰম্ভ কৰিছিল।
সেই ধাৰা অব্যাহত ৰাখি বুধবাৰে চিৰাং জিলাৰ দুটা স্থানত পদযাত্ৰা কৰি দলীয় সভা অনুষ্ঠিত কৰে । প্ৰথমে ভাৰত-ভূটান সীমান্তৰ ১৪নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ থাইকাঝোৰাত প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী, জিলা বিপিএফ সভাপতি তথা পাৰিষদ পানীৰাম ব্ৰহ্ম, সম্পাদক তথা পাৰিষদ জেমচ বসুমতাৰীক লগত লৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰে । পদযাত্ৰাৰ অন্তত থাইকাঝোৰা খেল পথাৰত দলীয় সভাও সম্বোধন কৰে মহিলাৰীয়ে।
সভাত আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় বিপিএফৰ মুৰব্বী গৰাকীয়ে। এই পদযাত্ৰাৰ সৈতে নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই বুলি কোৱাৰ লগতে বিটিচি ৰক্ষাৰ বাবে বিপিএফে এই পদযাত্ৰা কৰা বুলি মন্তব্য প্ৰকাশ কৰে। তদুপৰি বিগত তিনিটা বছৰ প্ৰমোদ বড়োয়ে বিটিচি শাসন কৰাৰ নামত বিটিচি ধ্বংস কৰিছে বুলি মন্তব্য কৰি বড়োক কতাক্ষ সমালোচনা কৰে।
বিপিএফ দলৰ এই পদযাত্ৰাক ৰাইজে বিপুল সঁহাৰি জনাইছে বুলি দাবী কৰে মহিলাৰীয়ে। ইপিনে মহিলাৰীয়ে শৰণীয়া কছাৰী সকলৰ জনজাতি স্থিতি কৰ্তন কৰাক লৈ উচ্চ ন্যায়ালয়ৰ কবলগীয়া নাই বুলিও দাবী কৰে। আকৌ উচ্ছেদ সম্পৰ্কে বিটিচি চুক্তি অনুসৰি ২০০৩ চনত যিয়ে য'ত আছিল তাৰে নাগৰিক আৰু ভূমি পাট্টা পাবই লাগিব বুলিও দাবী জনায়। গতিকে তেনে ক্ষেত্ৰত বিটিচি ধ্বংস কৰি প্ৰমোদ বড়োয়ে উচ্ছেদ চলাইছে আৰু উচ্ছেদিত লোক সকলক উদ্দেশ্যি, ইউপিপিএল চৰকাৰ বা এবছুয়ে উচ্ছেদ চলালেও আপোনালোক য'ত আছে তাতে থাকক আমি ভূমিপট্টা দিম বুলি আশ্বাস প্ৰদান কৰে।
ইয়াৰ পিচতে চিৰাঙৰ ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ গৰুভাষাৰ পৰা পুনৰ পদযাত্ৰা আৰম্ভ কৰে বিপিএফৰ মুৰব্বী গৰাকীয়ে। প্ৰায় ৩ কি: মি : পদযাত্ৰা কৰি চম্পা বজাৰত আন এক জনসভাত অংশ গ্ৰহণ কৰে মহিলাৰীয়ে। মুঠৰ ওপৰত একপ্ৰকাৰে নিৰ্বাচনীৰ পূৰ্ণ প্ৰস্তুতিত নামি পৰে হাগ্ৰামা মহিলাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us