প্ৰমোদ বড়োক কটাক্ষ, হিমন্ত বিশ্বক প্ৰশংসা হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰত ২১ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন ৷ বিপিএফ দলৰ উদ্যোগত উদযাপন কৰা হয় এই বিটিচি চুক্তি দিৱস ।
প্ৰমোদ বড়োক কটাক্ষ, হিমন্ত বিশ্বক প্ৰশংসা হাগ্ৰামা মহিলাৰীৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত ২১ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন ৷ বিপিএফ দলৰ উদ্যোগত উদযাপন কৰা হয় এই বিটিচি চুক্তি দিৱস ।

উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু প্ৰাক্তন বিএলটিৰ মাজত বিগত ২০০৩ চনৰ ১০ ফেব্ৰবাৰীত অৰ্থাৎ আজিৰ এই দিনটোতে সম্পাদিত হৈছিল ঐতিহাসিক বিটিচি চুক্তি ৷

বডোফা নগৰৰ বিটিচি সচিবালয়ৰ প্ৰাংগণত পুৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিটিচি চুক্তি পালন কৰাটো সাংবিধানিক দায়িত্ব । কোকৰাঝাৰ আৰু মঙ্গলদৈ লোকসভা সমষ্টিত বিপিএফে নিজাববীয়া প্ৰাৰ্থী দিব ।

লগতে কয় যে প্ৰমোদ বড়ো বেপাৰী মানুহ। চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে । অডিটত প্ৰমোদ বড়ো চৰকাৰ ফচিব । ব্যক্তিগত খণ্ডৰ কোম্পানীৰ দ্বাৰা অডিট নহয় । নিজত মুৰ্খতাৰ পৰিচয় দিছে প্ৰমোদ বড়োই ।

তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ব্যক্তিগতভাৱে ভাল সম্পৰ্ক,ৰাজনীতিত বেলেগ । ৰাজনীতিত সম্পৰ্কবোৰ আজি আছে কালি নাই , চিৰস্থায়ী নহয়। আৰএচএচৰ লগত মোৰ আগৰ পৰাই সম্পৰ্ক, লগ ধৰিব হে গৈছিলো ।

দলত্যাগ সন্দৰ্ভত তেওঁ কয় যে হাগ্ৰামা মহিলাৰী বিজেপিত নাযায়।কেতিয়াও নাযায়।

তেওঁ কয় যে বহুদিনৰ বিৰতিত আজি চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত হ'ব বিপিএফৰ কাৰ্যনিৰ্বাহক সভা । কাৰ্যনিৰ্বাহক সভাত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব ।

আজিৰ অনুষ্ঠানত বিপিএফৰ দলীয় নেতা কৰ্মীৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰী , প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম, পাৰিষদ দনেশ্বৰ গয়াৰী ,প্ৰকাশ বসুমতাৰী, বিৰোধী দলপতি তথা পাৰিষদ দেৰহাচাৎ বসুমতাৰী প্ৰমূখ্য বহু ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক: ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ আত্মহত্যাৰ চেষ্টা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in