/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5ca2c6fc-0b49-44f3-8d32-b7622f59b807/Hagrama.jpg)
ডিজিটেল সংবাদ, চিৰাং : আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দিশত বুধবাৰৰ দিনটোত বড়োলেণ্ড এলেকাত বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে । একেটা দিনতে কোকৰাঝাৰত ইউপিপিএল দলৰ বিশাল গণসমাৱেশ আৰু পদযাত্ৰা, ওদালগুৰিত বিজেপি দলত যোগদান পৰ্ব আৰু চিৰাং জিলাত বিপিএফ দলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ইয়াৰ মাজতেই আৰম্ভ হৈছে নেতা সকলৰ আৰোপ প্ৰত্যাৰোপৰ ৰাজনীতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6f82630f-5e4e-4ec8-8ee6-1835f65f2adf/WhatsApp_Image_2023_05_03_at_6_24_06_PM.jpeg)
বুধবাৰে চিৰাং জিলাৰ ছামঠাইবাৰী স্থিত হাগ্ৰামা মহিলাৰীৰ মালিকানাধীন বাথৌ খেৰাই ৰিজৰ্টত বিপিএফ দলৰ ৮০ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বিপিএফৰ শীৰ্ষ পৰ্যায়ৰ নেতা সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয়। কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত ইউপিপিএল দলে এক বিশাল গণসমাৱেশ আৰু পদযাত্ৰাৰ অনুষ্ঠিত কৰি প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক লক্ষ্য মন্তব্য কৰে যে, বিপিএফৰ ১৭ বছৰৰ শাসনকালত কেৱল লুন্ঠনৰ ৰাজনীতি কৰিছিল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, "প্ৰমোদ বড়োৰ ১৭ বছৰীয়া ডাইলগ বাদ দিয়ক আজি যে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত প্ৰমোদ বড়োই মিটিঙ কৰি আছে, এই গ্ৰীণ ফিল্ডটোৰ মাটি কোনে কিনিছে ? প্ৰমোদ বড়োৰ মুখত ১৭ বছৰে কথাটো মুখস্থ কথা, সি কৈয়ে থাকে"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6649291a-f391-45b4-9846-8d6fc23513f0/WhatsApp_Image_2023_05_03_at_6_22_33_PM.jpeg)
তদুপৰি তেওঁ কটাক্ষ কৰি কয় যে, আমাৰ চৰকাৰৰ দিনত বিঘা প্ৰতি ৩৫ লাখ টকাকৈ প্ৰায় ১০০ বিঘা মাটি কিনি এই গ্ৰীণ ফিল্ড বনাইছিলো, চৰকাৰী মেল মিটিং অনুষ্ঠিত কৰাৰ বাবে কিন্তু আজি এই গ্ৰীণ ফিল্ডতে মিটিঙ কৰি প্ৰমোদ বড়োই মোকে গালি পাৰি আছে । প্ৰমোদ বড়োই শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰাজ সন্দৰ্ভত কৰা মন্তব্যৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, কোনে কাৰ নিৰ্দেশত চিণ্ডিকেটৰাজ চলাই তাৰ ভিডিও আৰু অডিও ক'ল ৰেকৰ্ডিং তেখেতৰ হাতত আছে কিন্তু ভাইৰাল কৰা নাই । চিণ্ডিকেটৰাজ চাবলৈ তেখেত শ্ৰীৰামপুৰত যোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে । বুধবাৰে ওদালগুৰিত তিনিশ প্ৰাক্তন এনডিএফবি আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰাক্তন এনডিএফবি সকলে বিজেপি দলত যোগদান কৰিছে এইটো ভাল কথা, এইটো তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/644f5d50-6088-414f-8778-2541ba30b4f7/WhatsApp_Image_2023_05_03_at_6_24_04_PM.jpeg)
কোনোবাই এজিপি কৰিব পাৰে, কোনোবাই কংগ্ৰেছ কৰিব পাৰে কোনোবাই বিজেপি কৰিব পাৰে, কোনোবাই ইউপিপিএল, চিপিএম কৰিব পাৰে এইটো তেওঁলোকৰ ব্যক্তিগত পছন্দ। কোনো এনডিএফবি বিজেপি দলত যোগদান কৰিলে বিপিএফ দলৰ একো ক্ষতি নহয় । কাৰ্যনিৰ্বাহক সভাত বিপিএফ দলে বিগত সময়ছোৱাত বিটিআৰ এলেকাৰ ৪০ খন ব্লকত পদযাত্ৰা আৰু জনজাগৰণ সভা অনুষ্ঠিত কৰাৰ পিছত দলৰ প্ৰতি ৰাইজে কি ধৰণে সঁহাৰি জনাইছে তাৰ ক্ষেত্ৰভিত্তিক ফলাফল অভাৱনীয় বুলি জিলা বিপিএফ সমিতি বোৰে কাৰ্যনিৰ্বাহক সভাত সদৰি কৰে । এই কাৰ্যনিৰ্বাহক সভাত চলিত মাহৰ পৰাই প্ৰতিখন বিটিচিৰ পৰিষদীয় সমষ্টিৰ ব্লক পৰ্যায়ত এখনকৈ দলীয় যোগদান কাৰ্যসূচী আৰু বুদ্ধিজীৱি তথা অভিভাৱক সমাজৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/63f4c55b-53f6-430b-a869-ad8d1e191bcf/WhatsApp_Image_2023_05_03_at_6_24_05_PM.jpeg)
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিপিএফ দলে কিছু নতুন দলীয় ৰণনীতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে । কাৰ্যনিৰ্বাহক সভাত বিপিএফ দলৰ ভিতৰচৰাত জনগোষ্ঠী ভিত্তিত কোষ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। বিপিএফ দলে ধৰ্মীয় সংখ্যালঘু কোষ, মহিলা কোষৰ উপৰি নতুনকৈ কোচ-ৰাজবংশী জনগোষ্ঠীয় কোষ, আদিবাসী কোষ গঠন কৰি তাৰ মান্যতা প্ৰদান কৰে। তাৰ উপৰিও বঙালী, গোৰ্খা আৰু চাওঁতাল কোষ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b4ca313a-2ef1-48b9-8fad-c9f15fbd6c69/WhatsApp_Image_2023_05_03_at_6_22_33_PM.jpeg)
এই কাৰ্যনিৰ্বাহক সভাত বিভিন্ন জিলা সমিতিয়ে বিপিএফ দলৰ শিপা স্বৰূপ বুথ পৰ্যায়ৰ সমিতি সমূহ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰি কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সভাত বিপিএফ ৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰী সহ অন্যান্য শীৰ্ষ পৰ্য্যায়ৰ নেতা সকলে দলৰ উন্নয়নৰ স্বাৰ্থত তৃণমূল পৰ্যায়ৰ পৰা গুৰুত্ব সহকাৰে কাম কৰি যোৱাৰ আহ্বান জনাই ভাষণ প্ৰদান কৰে । তদুপৰি সভাত বহুকেইজন কাৰ্যনিৰ্বাহক সদস্যক সম্পাদক, সাংগঠনিক সম্পাদক হিচাপে পদোন্নতি দিয়া হয় ।