কাশ্মীৰত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ গুলীয়াগুলীত ২ সন্ত্রাসবাদী নিহত

কাশ্মীৰত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ গুলীয়াগুলীত ২ সন্ত্রাসবাদী নিহত

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ গুলীয়াগুলীত ২ সন্ত্রাসবাদী নিহত

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ কুলগাম জিলাৰ ৰেদৱানী পায়ী গাঁৱত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এটা গুলীয়াগুলীৰ ঘটনাত দুটা সন্ত্রাসবাদী নিহত হয়। জানিব পৰা মতে আৰক্ষী আৰু সেনা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ দলে বিশেষ সূত্রৰ পম খেদি অঞ্চলটোত সোমবাৰে নিশা অভিযান চলায়।

Advertisment

আত্মগোপন কৰি থকা সন্ত্রাসবাদীয়ে দলটোক উদ্দেশ্যি যৌথ দলটোয়ে গুলী চালনা কৰে। আৰক্ষীক প্ৰত্যুত্তৰত বাহিনীটোৱে কৰা গুলীচালনাত দুটা সন্ত্রাসবাদী নিহত হয়। পাছত ঘটনাস্থলীৰ পৰা সন্ত্রাসবাদী দুটাৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত অনুসন্ধান অব্যাহত ৰাখিছে।

Also Read: বিপদত হাৰিয়ানাৰ বিজেপি চৰকাৰঃ ৪ নিৰ্দলীয় বিধায়কে প্ৰত্যাহাৰ কৰিলে সমৰ্থন

jammu and kashmir Terror Attack