/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ এখন হোটেলৰ কৰ্মচাৰী এজনক সেই হোটেলতে থকা এটা জিমৰ প্ৰশিক্ষক এজনে বেয়াকৈ মাৰধৰ কৰি পথৰ কাষত পেলাই থৈ যায়। এই ঘটনা শনিবাৰে পোহৰলৈ অহাৰ পাছতেই বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰাপ্ত অভিযোগ অনুসৰি জিম প্ৰশিক্ষক মহচিন হুছেইনে সুমিত চন্দ নামৰ যুৱক জনক এটা কুকুৰৰ পোৱালী দিব বুলি মাতি নি এটা কোঠাত ভৰাই তেওঁক বেয়াকৈ মাৰধৰ কৰাৰ ফলত যুৱকজন আঘাট প্ৰাপ্ত হয় ।
অভিযোগ অনুসৰি প্ৰশিক্ষক জনে বন্দুক দেখুৱাই আৰক্ষীৰ কাষ চাপিলে পৰিস্থিতি ভয়াবহ হ'ব বুলিও যুৱক জনক ভাবুকি দিয়ে। জানিব পৰা অনুসৰি সুমিতে প্ৰশিক্ষক জনৰ বিৰুদ্ধে জিমৰ মালিকৰ ওচৰত অভিযোগ উত্থাপন কৰাৰ বাবেই এনেদৰে মাতি নি বহু সময় ধৰি এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখি মাৰ ধৰ কৰাৰ পাছত মাজ নিশাৰ চহৰৰ মাজত পেলাই থৈ যায়। পাছত উক্ত প্ৰশিক্ষক মহচিন হুছেইনেৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এক এজাহাৰ প্ৰদান কৰা হয়। অভিযুক্ত মহচিন বৰ্তমান পলাতক।
আৰু পঢ়ক: জাতীয় সংগীত : ১০০ বছৰ পিছত স্বীকৃতি, তাতো হ'ল নেকি ইতিহাস বিকৃতি !