অসমৰ ভিতৰত নৃতত্ব বিষয়ত সৰ্বাধিক নম্বৰ পালে ঢকুৱাখনাৰ জ্ঞানদীপ কোঁচে…

অসমৰ ভিতৰত নৃতত্ব বিষয়ত সৰ্বাধিক নম্বৰ পালে ঢকুৱাখনাৰ জ্ঞানদীপ কোঁচে…

author-image
asomiyapratidin
New Update
অসমৰ ভিতৰত নৃতত্ব বিষয়ত সৰ্বাধিক নম্বৰ পালে ঢকুৱাখনাৰ জ্ঞানদীপ কোঁচে…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত
ঢকুৱাখনাৰ এগৰাকী কৃতিমান শিক্ষাৰ্থী বিশেষ কৃতিত্বৰে উজ্বলি উঠিছে। শিক্ষাৰ্থী গৰাকীৰ নাম হ'ল জ্ঞানদীপ কোঁচ । ঢকুৱাখনাৰ কলাকতা গাঁও নিবাসী তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচ আৰু সোনাৰী চাপৰি নগৰ  প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কবিতা কোঁচৰ সন্তান জ্ঞানদীপ কোঁচে নৃতত্ব  বিষয়ত ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক ৯৭ নম্বৰ লাভ কৰি মেধাত্বৰে উজ্বলিবলৈ সক্ষম হৈছে। 

ঢকুৱাখনা কাইজেন একাডেমীৰ  পৰা  উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা  অধ্যয়নশীল , মেধাবী ছাত্ৰ জ্ঞানদীপ কোঁচে সৰ্বমুঠ ৪৬১ নম্বৰ  (৯২'২ শতাংশ)  লাভ কৰিবলৈ সমৰ্থ হৈছে। জ্ঞানদীপে ইংৰাজী  বিষয়ত ৮৩ নম্বৰ , অসমীয়া বিষয়ত ৯১ নম্বৰ ,ৰাজনীতি বিজ্ঞান (৯৭) , বুৰঞ্জী বিষয়ত ৯২ , নৃতত্ব  বিষয়ত (৯৭) , তৰ্ক বিজ্ঞান আৰু দৰ্শন শাস্ত্ৰ বিষয়ত ৯৩  নম্বৰ সহ লেটাৰ নম্বৰ লাভ কৰিছে।

ভৱিষ্যতে ৰাজনীতি বিজ্ঞান বিষয়ক সন্মান (মেজৰ)বিষয় হিচাপে গ্ৰহণ কৰি  স্নাতক শাখাত অধ্যয়নৰ মনস্থ কৰা  জ্ঞানদীপৰ নিজস্ব নিৰলস প্ৰচেষ্টাৰ ফলশ্ৰুতিত আৰ্জিত এনে মেধাত্বৰ স্বীকৃতিয়ে পিতৃ মাতৃ , ভাতৃ ,ইষ্ট কুটুম্বৰ লগতে মহকুমাবাসীক গৌৰবান্বিত  কৰি তুলিছে । কৃতিমান ছাত্ৰ জ্ঞানদীপৰ এনে সাফল্যত শুভাকাংক্ষী ৰাইজে অভিনন্দন জনাইছে ।

আৰু পঢ়ক: খেলি থকা অৱস্থাত বাঢ়নী পানীত পৰি মৃত্যু ২ শিশুৰ…

assam dhakuakhana