তিতাবৰত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ জ্ঞান বিকাশ বঁটা বিতৰণ

ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা সোমবাৰে পৰিষদৰ এলেকাধীন ৪৬৪ গৰাকী ছাত্ৰ- ছাত্ৰীক বিতৰণ কৰা হয় 'জ্ঞান বিকাশ বঁটা' ৷

author-image
Asomiya Pratidin
New Update
 তিতাবৰত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ জ্ঞান বিকাশ বঁটা বিতৰণ

ডিজিটেল সংবাদ, বেকাজানঃ ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা সোমবাৰে পৰিষদৰ এলেকাধীন ৪৬৪ গৰাকী ছাত্ৰ- ছাত্ৰীক বিতৰণ কৰা হয় 'জ্ঞান বিকাশ বঁটা' ৷ মেধাৱী শিক্ষাৰ্থী শৈক্ষিক বিকাশৰ বাবে প্ৰতি বছৰে পৰিষদখনে পৰিষদৰ এলেকাধীন হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ- ছাত্ৰীসকলক প্ৰদান কৰি আহিছে এই বঁটা ৷

Advertisment

আজি তিতাবৰ ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰাহালয়ত অনুষ্ঠিত অনুষ্ঠানত অসমৰ শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে ছাত্ৰ -ছাত্ৰী সকলক এই বঁটা প্ৰদান কৰে ৷সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰী সকলক 'জ্ঞান বিকাশ বঁটা'ৰ লগত এখন ফুলাম গামোছা,প্ৰশংসা পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকাকৈ প্ৰতিজন ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হয় ৷

আজিৰ এই গাম্ভীযপূৰ্ণ অনুষ্ঠানত শিক্ষা মন্ত্ৰী গৰাকীক সংগ দিয়ে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে জিলা বিজেপিৰ বহু কেইগৰাকী বিষয়ববীয়া আৰু তিতাবৰৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

আৰু পঢ়ক: এৰো ইণ্ডিয়া ২০২৩ঃ ৯৮ খন দেশৰ প্ৰায় ৮০৯ টা কোম্পানীৰ অংশগ্ৰহণ...

ranoj pegu