এৰো ইণ্ডিয়া ২০২৩ঃ ৯৮ খন দেশৰ প্ৰায় ৮০৯ টা কোম্পানীৰ অংশগ্ৰহণ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বাংগালুৰুত এছিয়াৰ সৰ্ববৃহৎ এয়াৰ শ্ব' এৰো ইণ্ডিয়া ২০২৩ উদ্বোধন কৰে।
aero 2023
aero 2023

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে বাংগালুৰুত এছিয়াৰ সৰ্ববৃহৎ এয়াৰ শ্ব' এৰো ইণ্ডিয়া ২০২৩ উদ্বোধন কৰে। এৰো ইণ্ডিয়াৰ চতুৰ্দশ সংস্কৰণত বিদেশী কোম্পানীৰ সৈতে অংশীদাৰীত্ব গঢ়ি তুলিবলৈ থলুৱা সঁজুলি আৰু প্ৰযুক্তি প্ৰদৰ্শন কৰা হ'ব।

এৰো ইণ্ডিয়া সন্দৰ্ভত কেইটামান বিশেষ দিশ-

  • এৰো ইণ্ডিয়া ২০২৩ উদ্বোধন কৰি মোডীয়ে কয় যে এৰো ইণ্ডিয়াই ভাৰতৰ নতুন শক্তি আৰু আকাংক্ষা প্ৰদৰ্শন কৰে। ভাৰতত নিৰ্মিত তেজছ বিমান আৰু বিমান বাহক আইএনএছ বিক্ৰান্ত ইয়াৰ উদাহৰণ।

  • এৰো ইণ্ডিয়া ২০২৩ ত বাণিজ্য মেলা,এৰোস্পেচ আৰু প্ৰতিৰক্ষা কোম্পানীৰ প্ৰদৰ্শনীৰ লগতে এৰোবেটিকৰ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব।

  • এৰো ইণ্ডিয়া ২০২৩ ত ৯৮ খন দেশৰ প্ৰায় ৮০৯ টা কোম্পানীয়ে অংশগ্ৰহণ কৰিছে। এই সংস্কৰণৰ বিষয়বস্তু হৈছে 'দ্য ৰানৱে টু এ বিলিয়ন অপাৰচুনিটিজ'।

  • এৰো ইণ্ডিয়াত ২০২৩ ত সেনাৰ আধিপত্য থাকিব। ইয়াৰ লগতে ঘৰুৱা বিমান ভ্ৰমণ বৃদ্ধি আৰু বিদেশত নিজকে ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাকো প্ৰতিফলিত কৰিব।

  • এৰো ইণ্ডিয়াই ২০২৩ ত ভাৰত আৰু বিদেশী প্ৰতিৰক্ষা কোম্পানীসমূহৰ মাজত প্ৰায় ৭৫,০০০ কোটি টকাৰ সম্ভাৱ্য বিনিয়োগৰ সৈতে ২৫১ খন চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

  • এয়াৰ ইণ্ডিয়াই অভিলেখ সৃষ্টি কৰাৰ আশা আছে। যাৰ দ্বাৰা এয়াৰবাছ এছই আৰু বোয়িংগো কো ৰ পৰা প্ৰায় ৫০০ জেট ক্ৰয় কৰিব। ইয়াৰ মূল্য ১০০ বিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক হ'ব।

  • এক মেগা এয়াৰ শ্ব অনুষ্ঠিত হ'ব। এই এয়াৰ শ্ব'লৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্জ ডি'এফেয়াৰ এলিজাবেথ জোনছে।

    আৰু পঢ়ক: মহাদেৱলৈ আৱেদন- জোৰা লগাই দিয়া মোৰ সংসাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in