ফুট গধুলিতে মহানগৰীত যুৱতী নিৰ্যাতনৰ ঘটনা

ফুট গধুলিতে মহানগৰীত যুৱতী নিৰ্যাতনৰ ঘটনা

author-image
Asomiya Pratidin
New Update
ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

ডিজিটেল ডেস্কঃ ফুট গধুলিতে মহানগৰীত যুৱতী নিৰ্যাতনৰ ঘটনা। ৰাজপথতে যুৱতীক নিৰ্যাতন দুৰ্বৃত্তৰ। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা।

Advertisment

ভাৰাঘৰত প্রৱেশ কৰাৰ সময়তে শ্লীলতা হানিৰ চেষ্টা যুৱতীগৰাকীৰ। দিছপুৰত সংঘটিত হৈছে এই ঘটনা। দুৰ্বৃত্তৰ সমগ্ৰ কাণ্ড বন্দী হোৱা চিচিটিভি ফুটেজত দেখিবলৈ পোৱা গৈছে যে এজন যুৱকে যুৱতীগৰাকীক বলপূৰ্বকভাৱে শৰীৰত স্পৰ্শ কৰিছে।

যুৱতীগৰাকীয়ে যেতিয়া চিঞৰ-বাখৰ কৰে তেতিয়া যুৱকজন উক্তস্থানৰ পৰা পলাই যায়। কৰ্তব্য সম্পাদন কৰি ভাৰাঘৰলৈ উভতিছিল যুৱতীগৰাকী।

ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীয়ে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: ছাইৰেন গেং! বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি

Assam police