ছাইৰেন গেং! বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি

ছাইৰেন গেং! বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি

author-image
Asomiya Pratidin
New Update
ছাইৰেন গেং!  বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি

ডিজিটেল ডেস্কঃ বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি। দিছপুৰ মণ্ডল সভাপতি জ্যোতিৰ্ময় দাসক অব্যাহতি পদৰ পৰা। চাইৰেন গেঙৰ সৈতে জড়িত থকাৰ অভিযোগ জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে।

Advertisment

উল্লেখ্য যে, ২৬ জানুৱাৰীৰ নিশা চাইৰেন গেঙে সংঘটিত কৰিছিল পথ দুৰ্ঘটনা। হিট এণ্ড ৰান গোচৰৰ মূল অভিযুক্ত আছিল অৰিন কটকী। অৰিন কটকীৰ গেঙৰ আছিল মণ্ডল সভাপতি জ্যোতিৰ্ময় দাসো।

 ইতিমধ্যে এই ছাইৰেন গেঙৰ ৯ খনকৈ বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে। এই বাহনসমূহৰ ভিতৰত আছে ৩ খন ইন'ভা, ২ খন স্ক'ৰপিঅ', ২ খন থাৰ, এখনকৈ আলকাজাৰ আৰু ফৰ্চুনাৰ।

এই বাহনসমূহৰ একাংশত আছে অসম বিধানসভাৰো ভিআইপি, ভিভিআইপি পাছ। বাহনসমূহত লগোৱা আছে ছাইৰেন। এনে কৰাটো মটৰ ভেহিকেল এক্ট ১৯৮৮ অনুসৰি নিষিদ্ধ।

উল্লেখ্য যে, এৰিন কটকীৰ গাড়ীৰ খুন্দাত নিহত হৈছিল নৰবাহাদুৰ থাপা(৫৪) নামৰ এজন লোক। এৰিনে পিতৃৰ চৰকাৰী বাহন নিজেই ব্যৱহাৰ কৰি ৰাজপথত বিভিন্ন সময়ত চলাই আহিছিল সন্ত্ৰাস। এৰিনৰ সন্ত্ৰাসতে ৰাজপথত প্ৰাণ হেৰুৱাইছিল নৰবাহাদুৰ থাপাই।

উল্লেখ্য, এৰিন কটকী নামৰ এই যুৱকজনৰ পিতৃ বন বিভাগৰ উচ্চপদস্থ বিষয়া পংকজ কটকী। পিতৃ উচ্চপদস্থ বিষয়া হোৱাৰ সুৱাদতে নিজে চৰকাৰী বাহন চলাই ফুৰাৰ লগতে মহানগৰীত আন কিছু এনে উচ্চ পদস্থ বিষয়া, ব্যৱসায়ীৰ উশৃংখল, স্খলিত সন্তানৰ সৈতে খুলিছিল ছাইৰেন গেং।

Also Read: প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই ৭ খন নতুন এইমছ দেশবাসীৰ মুকলি কৰিব...

bjp Assam police