/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
ডিজিটেল ডেস্ক: ১৫ জুন বুধবাৰে গুৱাহাটী মহানগৰৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান বন্ধ থাকিব। শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে কামৰূপ মহানগৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।
বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত নেৰা নেপেৰা বৰষুণ হব বুলি আগজাননী জাৰি কৰাত এই সতৰ্কতামূলক নিৰ্দেশনা দিছে।
অৱশ্যে পূৰ্ব নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। মঙলবাৰে কৃত্ৰিম বানৰ পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে।
আৰু পঢ়ক: কৃত্ৰিম বান: আপোনালোকে নোৱাৰিলে আদানী-আম্বানীক গুৱহাটী দি দিব পাৰি নেকি?