কৃত্ৰিম বান: আপোনালোকে নোৱাৰিলে আদানী-আম্বানীক গুৱহাটী দি দিব পাৰি নেকি?

কৃত্ৰিম বান:  আপোনালোকে নোৱাৰিলে আদানী-আম্বানীক গুৱহাটী দি দিব পাৰি নেকি?

মৃদুল কুমাৰ সন্দিকৈ

মহানগৰ এনেকৈয়ে মহাসাগৰ হয়। কৃত্ৰিম বানৰ অভিজ্ঞতা গুৱাহাটীবাসীয়ে আগতে বহুবাৰ পাইছে। কিন্তু ১৪ জুন ২০২২ মঙলবাৰৰ অভিজ্ঞতা বিৰল। মুহুৰ্তৰ ভিতৰতে মহানগৰ আভিজাত্য পানীত উটি যোৱাৰ পাছত এতিয়া সেই সকল দিশপুৰৰ প্ৰভুৱে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিম বুলি কোৱা সকলৰ মুখত চুন-চাই সানিব কোনে?

কৃত্ৰিম বান নোহোৱা কৰিব নোৱাৰি। কিন্তু এই বান প্ৰতিৰোধটো কৰিব পাৰি। মানুহক সকাহ দিবলৈ চকুত লগাকৈ কি কৰিলে ইমান দিনে গুৱাহাটী পৌৰ নিগমে, বিয়াগোম গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আৰু অসম চৰকাৰে?

চৰকাৰৰ বিভাগবোৰে কেৱল আঁচনিহে বনায়। সেই আঁচনি কাৰ্যকাৰী নকৰাৰ বাবেই ২০-২৫ ঘন্টা ধৰি কৃত্ৰিম বানত জলবন্দী হৈ পৰিছে মহানগৰবাসী। মানুহে নিয়ম ভংগ কৰিছে। ঘৰ-বাট পথ নিৰ্মাণত মানিব লগীয়া নিয়মবোৰ মনা নাই। কিন্তু ক'ত সেই তদাৰকী বিভাগবোৰ? কিহৰ বিনিময়ত নদ, বিল, জলাশয় পুতি নিৰ্মাণ কাৰ্য চলাব দিয়া হয়?

যি ৰাজপথত যান বাহন চলিছিল সেই ৰাজপথত এতিয়া মন নাথিকিলেও বহুতেই নৌকা বিহাৰ কৰিছে। গুৱাহাটী কৃত্ৰিম বান নিয়ন্ত্ৰণৰ নামত কিমান টকা পানী কৰা হ'ল? যদি নোৱাৰি কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিবলৈ তেনেহ'লে কিয় বাৰে বাৰে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়?

এয়া প্ৰকৃতিৰ ইচ্ছা বুলি ক'লেই জানো দায়িত্ব শেষ হৈ যায়। পুৱা মানুহ কাৰ্যলয়লৈ যাব পৰা নাই। কৃত্ৰিম বানৰ তলত থকা  ঘৰৰ পৰা ওলাই মানুহ হোটেলত আশ্ৰয় ল'ব লগা হৈছে। ১০ স্থানতকৈ অধিক ঠাইত ভূমিস্খলন হৈছে। ৫ জনকৈ লোকে মহানগৰীৰ কৃত্ৰিম বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে।

পূৰ্বতেও এনে বহু উদাহৰণ আছে। কৃত্ৰিম বানত অনাকংশিত ঘটনা হ'লে পুনৰ কৃত্ৰিম বানক লৈ তৎপৰ হয় । তাৰ পাছত চোন সকলো একেই। পানী শুকালে দায়িত্বও শেষ হয়।

আকৌ কৃত্ৰিম বান নহালৈকে সেইবোৰ কথা পাহৰি যায়। যমৰ যন্ত্ৰণা ভোগ কৰে মহানগৰবাসীয়ে। গুৱাহাটীত এতিয়া পানীয়েই ডাঙৰ সমস্যা। ইফালে খাবলৈ পানী নাই মহানগৰবাসীৰ আনফালে পানীৰ তলত বিপন্ন জীৱন।

মঙলবাৰৰ দিনটোত স্তব্ধ হৈ গ'ল সকলো। বাট পথৰ অৱস্থা ঠায়ে ঠায়ে  কাহিল। পানী যোগানৰ আঁচনিৰ নামত খন্দা বহু পকী পথত জীৱনটো হাতত লৈ মানুহ অহা যোৱা কৰিব লাগে। এদিনতে আমুৱাই যায় মানুহৰ জীৱন।

একো সমাধান নাই নেকি কৃত্ৰিম বান সমস্যাৰ। কাক ক'ব , কোনে শুনিব? সকলো অসহায় হৈ যদি পৰে তেনে কৃত্ৰিম বানৰ সমস্যা সমাধান কোনে কৰিব? এদিন বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েও তৎপৰতাৰে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে দৌৰা দৌৰি লগাইছিল।

এতিয়া তেওঁ এখন চৰকাৰৰ মুৰব্বী। গুৱাহাটীৰ দায়িত্ব অশোক সিংঘালৰ হাতত। তেওঁৱে যদি হাত দাঙি দিয়ে, বাৰিষা কালত অসহায় হোৱা মানুহবোৰে কাক লৈ আশা কৰে। গুৱাহাটী বাসীৰো বহু দুখ আছে। নলা-নৰ্দমা জাবৰে ভৰাই পেলায়।

নিৰ্ধাৰিত স্থানত জাবৰ খিনি পেলাবলৈও ইচ্ছা নকৰে। সভ্য মানুহৰ এই অসভ্য কাৰবাৰ বোৰো আজি জলবন্দী জীৱনৰ একো একোটা কাৰক।

প্ৰশাসনে জৰুৰী কালীন নম্বৰ দিছে। প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰত নোলাবলৈ সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে মহানগৰবাসীক। গুৱাহাটী মহানগৰীৰ পাহাৰ, জলাশয় অবাধ হাৰত ধ্বংস হৈছে। সেই স্থানবোৰত ওখ ওখ সুদৃশ্য অট্টালিকা সাজিছে আৰু তাৰ ফল প্ৰতিজন গুৱাহাটীবাসীয়ে ভুগিছে।

প্ৰকৃতিৰ সামাঞ্জাস্য ৰক্ষাৰ ক্ষেত্ৰত সাধাৰণ মহানগৰবাসীৰ পৰা আৰম্ভ কৰি কাৰোৱেই যেন গুৰুত্ব নাই। গুৱাহাটী মহানগৰ মহাসাগৰ হৈ পৰাৰ পাছত আমি ক্ষোভ উজাৰিছে, চৰকাৰক গালি পাৰিছো। নিজৰ গাত এবাৰ জানো চিকুটি চাইছো।

এই সমস্যা ইয়াতকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। গুৱাহাটীৰ জনসংখ্যা প্ৰতিদিনেই বাঢ়ে। মানুহ চহৰমুখী হৈয়ে আছে।গুৱাহাটীখন সৰ্বাংগ সুন্দৰ কৰি ৰাখিবলৈ কেইজনে সততাৰে ভাৱে। সকলোৱে কয় গুৱাহাটী সৰ্বাংগ সুন্দৰ কৰো আহক। সেই সৰ্বাংগ সুন্দৰ কৰাৰ শ্লোগান হাতে কামে কোনোৱে নকৰে।

প্ৰকৃতিয়ে হেনো তাৰেই প্ৰায়চিত্য কৰিছে এনেদৰে। এই চৰকাৰে এতিয়া গুৱাহাটীত কৃত্ৰিম বানৰ ভয়াবহতা দেখি চকুৰে সৰিয়হফুল দেখিছে। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভৰলুৰ বাঢ়নী নদীৰ ভূমিকা আছে। সেই ভৰলু নদী গাৰ্ড ৱালে দীৰ্ঘদিন ধৰি ফাট মেলি আছিল। সেই কথা স্থানীয়লোকে বাৰে বাৰে অৱগত কৰাৰ পাছতো একো ব্যৱস্থাই গ্ৰহণ কৰা নহ'ল।

এতিয়া ঠায়ে ঠায়ে পানী ৰৈ গৈছে। কিছু ঠাইত পানী শুকালেই নবিন নগৰ, অনিল নগৰ আদিক কৃত্ৰিম বানে জটিল ৰূপ ধাৰণ কৰিছে।মহানগৰীৰ ৰাজপথত মানুহে মাছ ধৰিছে। সদায় কৃত্ৰিম বান নাথাকে। যিদিনা ,বান আহে সেইদিনা মহানগৰবাসীয়ে কান্দে।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু কিমান দিন লাগিব। কেতিয়া আমি সকলো সচেতন হৈ কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে দায়বদ্ধতাৰে আগবাঢ়ি যাম। আগৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৰে কৃত্ৰিম বান ক'ত নহয় বুলি আমেৰিকা, ইংলেণ্ডৰ কথা দোহাৰিলে এতিয়া নহ'ব। গুৱাহাটীৰ মেয়ৰ ৰূপে দ্বিতীয়বাৰ দায়িত্ব লোৱা মৃগেন শৰণীয়াই কেতিয়াবা উপলব্ধি কৰিবনে কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে তেওঁলোকৰ কৰণীয় কি?

জি এম চি শীৰ্ষ পদবীত বহি থকা সকলে প্ৰথমে যি তৎপৰতাৰে কাম কৰিছিল সেই তৎপৰতা লাহে লাহে হেৰাই গ'ল। বৰষুণ হ'লেই কৃত্ৰিম বান আহিব, গুৱাহাটী ডুবিব, মানুহৰ হাহাকাৰ হ'ব। সেই দৃষ্টিভংগীৰে গুাৱাহাটীৰ কৃত্ৰিম বানমৰ সমস্যা চলি আহিছে। আৰু কিমান দিনলৈ চলি থাকিব? গুৱাহাটী স্মাৰ্ট চিটি হ'ল। মহানগৰ খন খালি এজাক বৰষুণতে মহাসাগৰ হৈ পৰে সেয়াহে সলনি হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in