/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/water.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত দুদিনৰ বাবে ব্যাহত হ’ব পানী যোগান। পহিলা ছেপ্টেম্বৰৰ পৰা ২ ছেপ্টেম্বৰলৈ ব্যাহত হ’ব পানী যোগান।
১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব পাইপ লাইন মেৰামতিৰ কাম। যাৰ বাব কিছু অসুবিধাৰ সন্মুখীন হ'ব গুৱাহাটীবাসী। কাম সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ নিয়মীয়া হ’ব পানী যোগান।
ছাত্রীবাৰী, পল্টনবজাৰ, ৰিহাবাৰী, কছাৰীবস্তিত লোকসকলে নাপাব পানী। ইয়াৰ লগতে বি. বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূব শৰণীয়াতো পানী নাপাব জনতাই। এই কথা জাননীযোগে জনালে গুৱাহাটী পৌৰ নিগমে।
Also Read: নৈত গা ধুবলৈ গৈ প্ৰাণ গ'ল দুজন ছাত্ৰৰ