
লামডিঙত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।
ডিমাহাচাও জিলাৰ মান্দাৰদিচা আৰু লামডিঙৰ সীমান্তৱৰ্তী নৈত গা ধুবলৈ গৈ দুজন ছাত্ৰৰ সলিল সমাধি ৷
লামডিঙৰ তিনিজন বন্ধু একেলগে স্কুটি লৈ গা ধুবলৈ গৈছিল ৷
মৃত ছাত্ৰ দুগৰাকী ক্ৰমে ৰাজ মালাকাৰ(১৪) আৰু প্রান্তিক আচাৰ্জী(১৪)
ঘটনাস্থলীত আৰক্ষী উপস্থীত হৈ ছাত্ৰ দুগৰাকীৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে ৷
মৃত ছাত্ৰ দুগৰাকী লামডিং কেন্দ্ৰীয় বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰ আছিল
ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁই বিৰাজ কৰিছে।