অপহৰণ কাণ্ড নিজেই ৰচিছিল নেকি ছাত্ৰগৰাকীয়ে? হত্যাৰ আঁৰৰ ভয়ংকৰ কাহিনী...

ৰাজ্যত সংঘটিত হৈছে এক নৃশংস ছাত্ৰ হত্যাকাণ্ডৰ ঘটনা। বুধবাৰে বোন্দাৰ জংঘলৰ ভিতৰত উদ্ধাৰ হয় দশম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
অপহৰণ কাণ্ড নিজেই ৰচিছিল নেকি ছাত্ৰগৰাকীয়ে? হত্যাৰ আঁৰৰ ভয়ংকৰ কাহিনী...

ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হৈছে এক নৃশংস ছাত্ৰ হত্যাকাণ্ডৰ ঘটনা। বুধবাৰে বোন্দাৰ জংঘলৰ ভিতৰত উদ্ধাৰ হয় দশম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰৰ মৃতদেহ। এই ঘটনাৰ পাছতেই এতিয়া বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

Advertisment

প্ৰথম অৱস্থাত প্ৰকাশ পাইছিল যে ছাত্ৰগৰাকীক মঙলবাৰে অপহৰণ কৰা হৈছিল আৰু পাছত হত্যা কৰা হৈছিল। কিন্তু এয়া সত্য নহ'বও পাৰে। কিয়নো বুধবাৰে অভিযুক্ত আৰু ভুক্তভোগী একেলগে জংঘলত প্ৰৱেশ কৰা এজন পূজাৰীয়ে প্ৰত্যক্ষ কৰিছিল।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে অভিযুক্তই হত্যাৰ বলি হোৱা নিতীশ কুমাৰৰ পিতৃ-মাতৃৰ পৰা ৭ লাখ টকা দাবী কৰিছিল। গতিকে এয়া ভুক্তভোগী আৰু অভিযুক্তৰ পূৰ্ব পৰিকল্পনা হ'ব পাৰে।

অভিযুক্ত অভিষেক বৰুৱা বুলি চিনাক্ত হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি যেতিয়া অভিষেক আৰু নীতিশ আমচাঙৰ জংঘলৰ ভিতৰলৈ গৈছিল তেতিয়া তেওঁলোকৰ হাতত এখন তৰোৱালো আছিল। কিন্তু প্ৰৱেশৰ ৩০ মিনিটমান পাছত অকল অভিষেকহে ওলাই আহিছিল জংঘলৰ পৰা।

এয়াও পোহৰলৈ আহিছে যে নীতিশ কুমাৰ আৰু অভিষেক কেইবাদিনৰ চিনাকী। অভিষেকৰ বীৰকুছিস্থিত ঘৰলৈ প্ৰায় ৬ মাহ ধৰি নীতিশৰ অহা-যোৱা আছিল। কিন্তু কালি অভিষেকৰ ঘৰলৈ যোৱা নাছিল। ২০১৯ চনৰ পৰা দুয়োৰে চিনাকী।

ঘটনা সন্দৰ্ভত অভিষেকৰ মাতৃয়ে কৈছে যে- মোৰ ল'ৰাই এই কাম অকলে কৰিব নোৱাৰে।যদিহে তেওঁ দোষ কৰিছে তেন্তে উচিত শাস্তি পাব লাগে।

পূৰ্বতে অভিষেক বৰুৱা বেলতলা অঞ্চলৰ এখন ৰেষ্টুৰেন্টত কাম কৰিছিল। বৰ্তমান নাৰেংগীত এখন ৰেষ্টুৰেন্ট বনাই আছে তেওঁ। যাৰ কাম সম্পূৰ্ণ হোৱা নাই।

জানিব পৰা মতে দুয়ো সঘনাই আমছাঙলৈ গৈছিল। আৰু প্ৰতিবাৰেই তেওঁলোকে হাতত তৰোৱালখন লৈ গৈছিল। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে তৰোৱালখন। সেই তৰোৱালখনেৰে নীতিশক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

এই হত্যাকাণ্ডত হাৰ্ডিক নামৰ এজন যুৱকৰ নামো সাঙোৰ খাইছে। হাৰ্ডিক নামৰ যুৱকজনে অভিষেকৰ পৰা প্ৰায় ৯০ হাজাৰ টকা লৈছিল। আৰু সেই টকা ঘূৰাই দিয়াৰ দায়িত্ব লৈছিল নীতিশে। যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

আন একাংশৰ মতে অভিষেকে নীতিশৰ পৰা টকা ধাৰলৈ লৈছিল। আৰু দুগুণ কৰি সেই টকা ঘূৰাই দিয়াৰ কথা আছিল।

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে নীতিশ কুমাৰ তিৱাৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ অধ্য়ক্ষই। বিদ্যালয়খনৰ অধ্যক্ষই জনোৱা অনুসৰি, গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নীতিশ কুমাৰ তিৱাৰী স্বাভাৱিক অৱস্থাতে আছিল। নীতিশ সৰুৰে পৰা এই স্কুলত পঢ়িছিল আৰু বৰ্তমান তেওঁ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। কালি তেওঁ স্কুললৈ অহা নাছিল। সেয়া বৰ বেছি চিন্তাৰ বিষয় নাছিল। কিয়নো ৩-৪ দিন স্কুললৈ নাহিলেহে খবৰ লোৱা হয়। কিন্তু আমি যেতিয়া সংবাদ মাধ্যমত সকলো কথা জানিব পাৰিছিলো আচৰিত হৈ পৰিছিলো।

ঘটনা সন্দৰ্ভত পিতৃয়ে কয় যে, নীতিশ কালি স্কুললৈ যোৱা নাছিল। ২ বজাত টকা দাবীৰ এটা ফোন তেওঁৰ ওচৰত আহিছিল আৰু তাৰ পাছত কি হ'ল সেয়া সকলোৱে জানে।

এতিয়া প্ৰশ্ন হয়, কি কাৰণে হত্যাৰ বলি হ'ল নীতিশ কুমাৰ? নিজৰ চিনাকী এজনে কিয় হত্যা কৰিলে নীতিশক? প্ৰাৰম্ভিক তদন্তত নীতিশ আৰু অভিষেকে অপহৰণ কাণ্ডৰ ষড়যন্ত্ৰ একেলগে ৰচা বুলি সন্দেহ কৰা হৈছে। কিয়নো দুয়ো একেলগে আছিল হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে। এইসকলো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

Also Read: ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

Assam police crime