ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

সাতকুৰি শ্বহীদৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহ।

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

ডিজিটেল সংবাদ, মঙলদৈঃ সাতকুৰি শ্বহীদৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহ। ঐতিহাসিক পথৰুঘাটক বিশ্বৰ এক অনন্য পৰ্যটনস্থলী তথা বিশ্বৰ মানচিত্ৰত ইয়াক বিশেষভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰি মঙলদৈৰ দুই সাংবাদিকে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

Advertisment

বুধবাৰে মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ দাস আৰু ময়ূখ গোস্বামীয়ে ৰাষ্ট্ৰপতি গৰাকীক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰি দহটিকৈ বিষয় সন্নিবিষ্ট এখন স্মাৰকপত্ৰ অৰ্পণ কৰে। সাংবাদিক দ্বয়ক এই সাক্ষাতত সংগ দিয়ে মঙলদৈৰ সংসদ দিলীপ শইকীয়া আৰু ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে।

সাংবাদিকদ্বয়ে জনোৱা মতে প্ৰায় ৩০ মিনিট সময় দীঘলীয়া সাক্ষাতকালত ৰাষ্ট্ৰপতি গৰাকীয়ে দলটিৰ সৈতে অতি আন্তৰিকতাৰে কথা পতাৰ লগতে ঐতিহাসিক পথৰুঘাটলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

উল্লেখ্য যে মহামহিম ৰাষ্ট্ৰপতি গৰাকীক ঐতিহাসিক পথৰুঘাটৰ ওপৰত এয়াই প্ৰথম সাক্ষাৎ । ইয়াৰ আগতে কোনেও আজিলৈ এই বিষয়ে দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা নাছিল ।

সাতকুৰি শ্বহীদৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হোৱা এই ঐতিহাসিক পথৰুঘাটক সমগ্ৰ বিশ্বৰ ভিতৰত অনন্য মাত্ৰা লাভ কৰাৰ ক্ষেত্ৰত লোৱা এই প্ৰচেষ্টাত সমগ্ৰ দৰঙী ৰাইজে বহু আশা প্ৰকাশ কৰিছে।

Also Read: সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল বাক্সাৰ খুছি কাশ্যপ