সাৱধান! বিশ্বৰ প্ৰদূষিত চহৰৰ দ্বিতীয়স্থানত গুৱাহাটী

সাৱধান! বিশ্বৰ প্ৰদূষিত চহৰৰ দ্বিতীয়স্থানত গুৱাহাটী

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে গুৱাহাটীয়ে। আনহাতে বিশ্বৰ প্ৰদূষিত দেশ সমূহৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে ভাৰতে। চুইছ সংগঠন আইকিউএয়াৰে কৰা এক জৰীপত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

জৰীপত পোহৰলৈ অহা তথ্য অনুসৰি ২০২৩ চনত গড় বাৰ্ষিক পিএম ২.৫ ঘনত্বৰ ওপৰত ভিত্তি কৰি ভাৰতে তৃতীয় স্থান লাভ কৰিছিল। ইয়াৰ বিপৰীতে বাংলাদেশ প্ৰথম আৰু পাকিস্তান দ্বিতীয়স্থানত আছিল। ইয়াৰ পূৰ্বে ২০২২ চনত ভাৰতৰ স্থান আছিল অষ্টম। ইয়াৰ অৰ্থ এয়ে যে বৰ্তমান বৃদ্ধি পাইছে প্ৰদূষণ।

আনহাতে বিশ্বৰ শীৰ্ষ প্ৰদূষিত চহৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটীয়ে। তথ্য অনুসৰি বিশ্বৰ শীৰ্ষ প্ৰদূষিত চহৰৰ প্ৰথমস্থানত আছে বেগুসৰায়(বিহাৰ), দ্বিতীয়স্থানত আছে গুৱাহাটী আৰু তৃতীয় স্থানত আছে ৰাজধানী দিল্লী। ইয়াৰ বিপৰীতে চতুৰ্থস্থানত আছে মল্লাপুৰ আৰু পঞ্চমস্থানত লাহোৰ(পাকিস্তান)। ইয়াৰোপৰি ভাৰতৰ নতুন দিল্লী, চিবানা, সহৰসা, কটিহাৰ, গোশনগাঁও আদি প্ৰদূষিত চহৰৰ ১০ নম্বৰৰ ভিতৰত আছে।

উল্লেখ্য যে, ১৩৪ খন দেশত কৰা জৰীপ অনুসৰি বিশ্বৰ প্ৰদূষিত ১০০ খন চহৰৰ ৯৯ খনেই এছিয়াৰ। আনহাতে ২০২৩ চনত বিশ্বৰ প্ৰদূষিত শীৰ্ষ ৫০ খন চহৰৰ ৪২ খন ভাৰতৰ।

PM2.5 ক পাৰ্টিকুলাৰ মেটাৰ বুলি কয়। ই সূক্ষ্ম কণিকা পদাৰ্থক ২.৫ মাইক্ৰন বা কম ব্যাসৰ কণা হিচাপে সংজ্ঞায়িত কৰে (পিএম ২.৫)।

এই বায়ু প্ৰদূষণে মানৱ জীৱনলৈ চৰম সংকট মাতি আনিছে। ইয়াৰ ফলত দিনক দিনে বিভিন্ন ধৰণৰ বেমাৰ বৃদ্ধি পাইছে। যোৱা কেইটামান বছৰত গুৱাহাটীত যথেষ্ঠ পৰিমাণৰ গছ কটা হৈছে, নিৰ্মাণ কাৰ্য চলি আছে। ইয়াৰ বিপৰীতে বৰষুণৰ পৰিমাণ কমি গৈছে। সম্ভৱত এইবোৰ কাৰণতেই গুৱাহাটীৰ প্ৰদূষণ অত্যাধিক বৃদ্ধি পাইছে।

সাৱধান! বিশ্বৰ প্ৰদূষিত চহৰৰ দ্বিতীয়স্থানত গুৱাহাটী
মঙলদৈত দুর্গা দাসক প্রত্যাহ্বান, নিজৰ আঙুলি কটাৰ পণ ল'লে দিলীপ শইকীয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in