মঙলদৈত দুর্গা দাসক প্রত্যাহ্বান, নিজৰ আঙুলি কটাৰ পণ ল'লে দিলীপ শইকীয়াই...

মঙলদৈত দুর্গা দাসক প্রত্যাহ্বান, নিজৰ আঙুলি কটাৰ পণ ল'লে দিলীপ শইকীয়াই...

ডিজিটেল সংবাদ, মঙলদৈঃ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিভিন্ন দলৰ তৎপৰতা বৃদ্ধি পাইছে। ২১,৮৭,২০৪ গৰাকী ভোটাৰ থকা সমষ্টিটোত বিজেপিৰ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী , বিপিএফৰ দুৰ্গাদাস বড়ো, আৰু গন শক্তি দলৰ স্বৰ্ণা দেৱীক প্রার্থিত্ব দিয়াৰ পাছতে চাৰিওজনে নির্বাচনী প্ৰচাৰত নামি পৰিছে।

বিশেষকৈ বিপিএফ দলে সমষ্টিত দৰং-ওদালগুৰিৰ এআইইউডিএফ দলৰ কৰ্মীক লৈ কেইবাখনো সভা অনুষ্ঠিত কৰি বিজেপিৰ সাংসদগৰাকীয়ে একো কাম নকৰা বুলি অভিযোগ কৰি প্ৰচাৰ আৰম্ভ কৰিছে। আনহাতে বিপিএফ দলৰ প্ৰাৰ্থী দুর্গাদাস বড়ো এক নচলা পইচা, সাংসদ হোৱাৰ দিবাস্বপ্ন ইত্যাদিৰে বিজেপি প্রার্থীগৰাকীয়েও উভতি ধৰিছে। তদুপৰি মঙলদৈত বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আঙুলি কাটি দিয়াৰ অন কেমেৰা চেলেঞ্জ দিয়ে।

অলপতে দলগাঁৱৰ বেছিমাৰীৰ এখন নিৰ্বাচনি সভাত ইউডিএফ দলৰ সম্বৰ্ধনা গ্ৰহণ কৰি দুই সহস্রাধি লোকে অংশ লোৱা সভাত বিপিএফ দলৰ প্ৰাৰ্থী দুর্গাদাস বড়োৱে প্রশ্ন কৰিছিল যে বিগত ২৪ বছৰে মঙলদৈ লোকসভা সমষ্টি বিজেপি দলে দখল কৰি অহাৰ পাছত সমষ্টিটোত কি উল্লেখযোগ্য কাম কৰিলে ? আজিকোপতি বাইহাটাৰ পৰা তেজপুৰলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন কৰিব নোৱাৰিলে, ৰেলৱে মানচিত্ৰত দৰঙক সন্নিৱিষ্ট কৰাত ব্যৰ্থতা আদি সাংসদ শইকীয়াৰ ব্যৰ্থতাৰ আখ্যা দি দাসবড়োৱে মন্তব্য কৰিছিল যে মঙলদৈ বাইপাছ নিৰ্মাণৰ কৃতিত্ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল সন্মান ৰক্ষাৰ বাবেহে ড° শৰ্মাই সাংসদগৰাকীৰ নাম সন্নিৱিষ্ট কৰিছিল।

বিজেপিয়ে বিগত দুটা দশকত মঙলদৈত বিশেষ একো কৰিব নোৱাৰাৰ পাছত ৰাইজে বিকল্প হিচাপে বিপিএফক গ্রহণ কৰিবলৈ তেওঁ আহ্বান জনাইছিল। কিন্তু দাসবড়োৰ বক্তব্যৰ প্ৰতিক্রিয়া হিচাপে দিলীপ শইকীয়াই অগপ, ১০ ইউপিপিএলৰ নেতা-কর্মীক লগত লৈ অন কেমেৰা আঙুলি কটা পর্বলৈ আগবাঢ়ে। শইকীয়াই কয়: দুর্গাদাস বড়োই যোৱাবাৰ কলাইগাঁৱত কথমপি জিকিল। তেওঁ নচলা পইচা। সাংসদ জয়ী হোৱাটো তেওঁৰ দিবাস্বপ্ন, অসমৰ ১২৬টা ৰ বিধানসভা সমষ্টিৰ কোনোবা এটাত ২০২৬ চনত দুর্গাদাস বড়ো পুনৰ বিপিএফৰ বিধায়ক হিচাপে জয়ী হৈ দেখুৱাওকচোন, মই এটা আঙুলি কাটি দিম।

তাৎপৰ্যপূৰ্ণ যে বিপিএফ দলৰ প্রার্থী দুর্গাদাস বড়োৰ বিশাল কনভয়লৈ যি ৰেলীৰে চমক দিছিল, সেই চমকত বিজেপিৰ একাংশৰ শৰীৰৰ ঘাম মাটিত সৰি যোৱাৰ লেখীয়া হৈ পৰাটো স্পষ্ট হৈছে। অন্ততঃ ছটাকৈ বিটিআৰ সমষ্টিভুক্ত দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ সাংগঠনিক স্থিতি বিজেপিতকৈ মজবুত। বিগত বছৰ বোৰত বিজেপিৰ জিলা সমিতিসমূহৰ দুৰ্বল নেতৃত্ব আৰু হিতাধিকাৰী সৃষ্টি কৰি ভাষণযোগে ভোট অৰ্জনৰ কৌশলে এতিয়া সংকটৰ সন্মুখীন কৰাইছে। যাৰ বাবে বিপিএফৰ গোৰেশ্বৰৰ পৰা ওদালগুৰি-মাজবাটলৈ উলিওৱা প্ৰথমটো মিছিলৰ পাছতে সমষ্টিটোত ৰাজনৈতিক চুপতিৰ সূত্রপাত ঘটালে।

সাংবাদিকৰ সন্মুখত জিলা বিজেপিৰ কাৰ্যালয়ত বিপিএফৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই কয়ঃ সকলোৱে বিজয়ী হ'ম বুলিয়েই খেলে। কোনোবাই ৫০ হেজাৰ, কোনোবাই ১ লাখত বিজয়ী হোৱাৰ দাবী কৰে। এতিয়া পানীত নামি চালেহে গম পাব। তেওঁলোক নামিছেহে, আমিটো ৫ বছৰেই কৰি আছো। আমাৰ দলীয় কৰ্মী, বুথ বিলাকে বহু আগৰ পৰাই প্রস্তুতি চলাই আছে। অৰুণোদয় আঁচনিকে ধৰি চৰকাৰী আঁচনিৰে ৰাইজ উপকৃত হৈ আহিছে। গতিকে আমাক ভোট দিব।

ইপিনে দৰং জিলা বিজেপি কার্যালয়ত মন্ত্রী জয়ন্তমল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসসহ ১১টা বিধানসভা সমষ্টিৰ দলীয় বিষয়ববীয়াৰে বিধানসভা সমষ্টি অনুযায়ী নির্বাচন পৰিচালনা কৰিবলৈ ৩৭ খনকৈ উপ-সমিতিসমূহ গঠন কৰি নিৰ্বাচনৰ বাবে সাজু হয় বিজেপি দল।

মঙলদৈত দুর্গা দাসক প্রত্যাহ্বান, নিজৰ আঙুলি কটাৰ পণ ল'লে দিলীপ শইকীয়াই...
উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে 'কা'!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in