কিশোৰী ধৰ্ষণকাৰী কুদ্দুছ আলীক সশ্ৰম কাৰাদণ্ড আদালতৰ

কিশোৰীক ধৰ্ষণৰ অভিযোগত অভিযুক্তক সশ্রম কাৰাদণ্ড আদালতৰ। ২০ বছৰৰ সশ্রম কাৰাদণ্ডৰ লগতে ১০,০০০ টকা জৰিমণা বিহে অভিযুক্তক।

author-image
Asomiya Pratidin
New Update
কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ...

ডিজিটেল ডেস্কঃ কিশোৰীক ধৰ্ষণৰ অভিযোগত অভিযুক্তক সশ্রম কাৰাদণ্ড আদালতৰ। ২০ বছৰৰ সশ্রম কাৰাদণ্ডৰ লগতে ১০,০০০ টকা জৰিমণা বিহে অভিযুক্তক। মঙলবাৰে এই ৰায় প্ৰদান কৰে POCSO বিশেষ আদালতে।

Advertisment

নুনমাটিৰ কুদ্দুছ আলী নামৰ লম্পটটোৰ বিৰুদ্ধে এই ৰায় প্ৰদান কৰে আদালতে । ভুক্তভোগী কিশোৰীগৰাকীক ১ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ।

উল্লেখ্য যে, ২০১৮ চনত নুনমাটিত সংঘটিত হৈছিল এই জঘন্য কাণ্ড। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ মাতৃয়ে নুনমাটি থানাত দিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।

কিন্তু নুনমাটি আৰক্ষীয়ে কিশোৰী গৰাকীক কৰা নাছিল স্বাস্থ্য পৰীক্ষা। যাৰ বাবে এই বিষয়টোও গুৰুত্ব সহকাৰে আলোচনা কৰে আদালতে। তাৰ পাছতে দিয়ে এই নিৰ্দেশ দিয়ে আদালতে।

Also Read: মেগাষ্টাৰ ৰজনীকান্ত আৰু এখন ক্ৰিকেট ষ্টেডিয়াম...

Assam police crime