ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ বাবুল আহমেদৰ...

গুৱাহাটীৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা। এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে।
ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ বাবুল আহমেদৰ...

ডিজিটেল ডেস্ক: গুৱাহাটীৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে। কেইমাহ মান পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।

২৫ বছৰীয়া যুৱক বাবুল আহমেদ ওৰফে ৰুবুলৰ বিৰুদ্ধে উত্থাপন হৈছিল ধৰ্ষণৰ অভিযোগ। চান্দমাৰীৰ কুশল নগৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ বাবুলে ধৰ্ষণ কৰিছিল কিশোৰী গৰাকীক আৰু তাৰ পাছতেই কিশোৰী গৰাকীৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ।

অভিযুক্ত যুৱক জন মাছৰ বেপাৰ কৰি গুৱাহাটীত বসবাস কৰি আছিল বুলি তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পাছতেই ধৰ্ষণৰ ঘটনাত জড়িত অভিযুক্তক বাবুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

পুৱতি নিশা বৰপেটাৰ বাঘবৰ মহৰিপাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে চান্দমাৰী আৰক্ষীয়ে।বামুনিমাইডাম কুশলনগৰত কেইবামহো পূৰ্বে সংঘটিতও হৈছিল ধৰ্ষণ কাণ্ড। ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়াল থকা চৌহদতে ভাড়াতীয়া ৰূপে আছিল বাবুল।

আৰু পঢ়ক: ভস্মীভূত গাড়ীৰ পৰা উদ্ধাৰ নাছিৰ, জুনেইদৰ মৃতদেহ! গোৰক্ষকৰ বিৰুদ্ধে অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in