গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ দৌৰত সুস্মিতা, মাধৱ, অলকা,আজাদ, ভাগৱতী,মিতালী,পল্লৱী আগত

গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ অন্তত সভাপতি পদত আগবাঢ়ি আছে সুস্মিতা গোস্বামী।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ দৌৰত  সুস্মিতা, মাধৱ, অলকা,আজাদ, ভাগৱতী,মিতালী,পল্লৱী আগত

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ অন্তত সভাপতি পদত আগবাঢ়ি আছে সুস্মিতা গোস্বামী। সুনীল বৰা আৰু জয়ন্ত কুমাৰ ডেকাইও এই পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও ভোটগণনাৰ প্ৰথম ৩টা ৰাউণ্ডৰ অন্তত সুস্মিতাই মুঠ ১৩৫ টা ভোট লাভ কৰিছে। আনহাতে সুনিল বৰাই এই পৰ্যন্ত ৮৭ টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে। ৪৮ টা ভোটত আগবাঢ়ি আছে সুস্মিতা গোস্বামী।

Advertisment

উপ-সভাপতি পদত যতীন ভাগৱতীয়ে এই মূহুৰ্তলৈকে লাভ কৰিছে ১৩৬ টা ভোট। প্ৰদীপ বৰ্মনতকৈ ২২ টা ভোটত আগবাঢ়ি আছে ভাগৱতী।

মহিলাৰ বাবে সংৰক্ষিত উপ-সভাপতি পদত ১২৫ টা ভোট লাভেৰে শীৰ্ষত আছে অলকা বৰুৱা। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি নৱনীতা কলিতাই এই মূহুৰ্তলৈকে ১১৮ টা ভোট লাভ কৰিছে।

এই নিৰ্বাচনত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক পদৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকৰ ক্ৰমে মাধৱ দাস আৰু সঞ্জয় ৰয়। মাধৱ দাসে ৩ টা পৰ্যায়ৰ ভোট গণনাৰ অন্তত ১৩৮ টা ভোট লাভ কৰি আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে সঞ্জয় ৰয় লাভ কৰিছে ১১৯ টা ভোট।

সহকাৰী সাধাৰণ সম্পাদক পদত দিলোৱাৰ হুচেইন আগবাঢ়ি আছে। হুচেইনে ৩টা পৰ্যায়ৰ ভোটগণনা অন্ত পৰাৰ পাছত সৰ্বমুঠ ১১৪ টা ভোট লাভ কৰিছে।

আনহাতে মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক পদত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছে। মিতালী কোঁৱৰে ১৩০ টা ভোট লাভ কৰাৰ বিপৰীতে অনুপমা ডেকাই ১২৭ টা ভোট লাভ কৰিছে।

সাংস্কৃতিক সম্পাদকৰ পদত দেৱাশীষ কাঠকটীয়াই ৮১ টা ভোট লাভ কৰিছে। এই পদত পল্লৱী বৰাই ৮৫ টা ভোট লাভ কৰি আগবাঢ়ি আছে।

ক্ৰীড়া সম্পাদক পদত আজাদ গগৈয়ে ১২৫ টা ভোট লাভ কৰাৰ বিপৰীতে তিনিটা পৰ্যায়ৰ ভোট গণনাৰ অন্তত নয়নজ্যোতি ভূঞাই ৭২ টা ভোট লাভ কৰিছে।

Also Read: গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE:
ফলাফল ঘোষণা...

guwahati press club