সন্মুখত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আৰম্ভ আকৰ্ষণীয় প্ৰচাৰ অভিযান

অহা ৩ জুনত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। প্ৰতিদিন টাইমৰ পৰাও এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৪ গৰাকী প্ৰাৰ্থীয়ে।

author-image
Asomiya Pratidin
New Update
সন্মুখত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, আৰম্ভ আকৰ্ষণীয় প্ৰচাৰ অভিযান

ডিজিটেল ডেস্কঃ অহা ৩ জুনত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। 'প্ৰতিদিন টাইম'ৰ পৰাও এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৪ গৰাকী প্ৰাৰ্থীয়ে।

Advertisment

বুধবাৰে 'প্ৰতিদন টাইম'ৰ ৪ প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। উল্লেখ্য যে, 'প্ৰতিদিন টাইম'ৰ পৰা ক্ৰীড়া সম্পাদকৰ পদত আজাদ গগৈ,সাংস্কৃতিক সম্পাদকৰ পদত দেৱাশীষ কাঠকটীয়া, সহকাৰী সাধাৰণ সম্পাদক(মহিলা সংৰক্ষিত) পদত মিতালী কোঁৱৰ আৰু উপ-সভাপতি পদত( মহিলা সংৰক্ষিত) অলকা বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

৪ গৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে আকৰ্ষণীয় প্ৰচাৰ। ক্ৰীড়া সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা কৰা আজাদ গগৈয়ে ''বাকী সকলো বাদ, খেল বুলিলেই প্ৰতিদিনৰ আজাদ'', অলকা বৰুৱাই ''আহি আছে অলকা, নাই দ্বিধা, নাই শংকা'', মিতালী কোঁৱৰে ''কথা,কামত নাই খেলিমেলি, বিশ্বাসৰ অন্য নাম মিতালী'', দেৱাশীষ কাঠকটীয়াই ''ওলাইছে দেৱাশীষ, বিচাৰি শুভাশিস'' টেগ লাইনেৰে জোৰদাৰ প্ৰচাৰ চলাইছে।

Also Read: সম্পত্তিৰ বাবেই নিজ পৰিয়ালৰ ৪ জনক হত্যা কৰিলে যুৱকে

election guwahati press club