সম্পত্তিৰ বাবেই নিজ পৰিয়ালৰ ৪ জনক হত্যা কৰিলে যুৱকে

ধন-সম্পত্তিৰ বাবে একাংশই অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে। পাৰিবাৰিক সংঘাতৰ ফলতো বহুতে প্ৰাণ হেৰুওৱা দেখা যায়

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ধন-সম্পত্তিৰ বাবে একাংশই অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে। পাৰিবাৰিক সংঘাতৰ ফলতো বহুতে প্ৰাণ হেৰুওৱা দেখা যায়। এইবাৰ সম্পত্তিৰ বাবে নিজৰ পৰিয়ালৰ লোককে হত্যা কৰিলে এজনে।

এই ঘটনা উৰিষ্যাৰ বৰগঢ় জিলাৰ।ঘটনাৰ বিৱৰণী অনুসৰি এজন যুৱকে সম্পত্তিৰ বাবে নিজ পৰিয়ালৰ ৪ জন লোকক অতি নৃশংসভাৱে হত্যা কৰে। বুধবাৰে আৰক্ষীয়ে জনাই এই কথা।

অভিযোগ অনুসৰি সোমবাৰে মাজনিশা অভিযুক্ত ঘৰলৈ আহে। তাৰপাছতে তেওঁৰ ৪৬ বছৰীয়া ভাতৃ গুৰুদেৱ বৈগ, ৩৫ বছৰীয়া পত্নী ছিবাগিৰী, তেওঁলোকৰ ১০ আৰু ১৫ বছৰীয়া সন্তানক হত্যা কৰে।

ওচৰ-চুবুৰীয়াই ঘটনা সন্দৰ্ভত জানিব পাৰিয়েই আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Also Read: নকল সোণ ব্যৱসায়ৰ অন্যতম অভিযুক্ত আজগৰ আলীৰ আত্মসমৰ্পণ

odisha crime