আজিৰে পৰা কলেজীয়া শিক্ষাৰ্থীক গাড়ী ভাৰালৈ নিদিয়ে গুৱাহাটী অন হুইলছে, ব্যৱসায়ৰ পৰিৱৰ্তে সমাজলৈ পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা কলেজীয়া শিক্ষাৰ্থীক গাড়ী ভাৰালৈ নিদিয়ে গুৱাহাটী অন হুইলছে, ব্যৱসায়ৰ পৰিৱৰ্তে সমাজলৈ পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা...

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য কপাই যোৱা শেষ নিশাৰ জালুকবাৰী দুৰ্ঘটনাৰ পাছত গুৱাহাটীৰ কাৰ ৰেন্টেল এজেঞ্চী, 'গুৱাহাটী অন হুইলছ'ৰ এক নতুন ঘোষণা । এতিয়াৰে পৰা কলেজীয়া শিক্ষাৰ্থীসকলক গাড়ী ভাৰালৈ নিদিয়ে ব্যৱসায়িক গোষ্ঠীটোৱে ।

Advertisment

সামাজিক মাধ্যমযোগে প্ৰতিষ্ঠানটিয়ে জনাই যে, সুৰাপান কৰি গাড়ী চলোৱাটো কোনো ধৰণৰ সমস্যাৰ উত্তৰ নহয় । সেয়েহে প্ৰতিষ্ঠানটিয়ে আজিৰে পৰা কোনোধৰণৰ কলেজীয়া শিক্ষাৰ্থীক গাড়ী ভাৰালৈ নিদিয়ে ভৱিষ্যতে । এই সিদ্ধান্তই প্ৰতিষ্ঠানটিৰ ব্যৱসায়ত যথেষ্ট ক্ষতি কৰিব বুলি জনাৰ পাছতো ব্যৱসায়ৰ পৰিৱৰ্তে দেশৰ মানৱ সম্পদৰ জীৱনক অধিক প্ৰাধান্য দিব বুলি জনাইছে পোষ্টটোৰ জৰিয়তে ।

ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ এই পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় বৰ্তমানৰ সময়ছোৱাত । দিনৌ মাদক দ্ৰব্য সেৱন কৰি যাত্ৰা কৰাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনা ঘটিয়েই আছে । উৎসৱে-পাৰ্বণে এই পৰিসংখ্যা অস্ৱাভাৱিক ধৰণে বৃদ্ধি হয় । তেনেস্থলত প্ৰতিষ্ঠানটিৰ এনেধৰণৰ সিদ্ধান্তই নিশ্চয়কৈ ৰাজ্যৰ বহু কেইগৰাকী মূল্যবান সম্পদৰ প্ৰাণ ৰক্ষাত সহায় কৰিব ।

Also Read: তীব্ৰ বেগেই হ'ল নেকি কাল ? নিমিষতে হেৰাই গ'ল ৭ জনকৈ যুৱক...

accident