গুৱাহাটী লাচিত সংঘৰ ৰণেন দাস আৰু শান্তনু বৰঠাঁকুৰ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা...

ফলাফল ঘোষণা কৰাৰ পিছতে গন্য মান্য ব্যক্তি,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰে
guwahati
guwahati

ডিজিটেল ডেস্কঃ আজি অসমৰ শৌৰ্য-বীৰ্জ আৰু পৰাক্ৰমৰ প্ৰতীক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে লাচিত দিৱস। ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে ১৯৭৯ চনতে স্থাপিত গুৱাহাটী চানমাৰিস্থিত লাচিত সংঘৰ উদ্যোগতো পালন কৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী।

আয়োজক সমিতিয়ে লাচিত দিৱসৰ লগত সংগতি ৰাখি লাচিত সংঘৰ সক্ৰিয় কৰ্মী প্ৰয়াত ৰণেন দাস আৰু শান্তনু বৰঠাঁকুৰৰ সোঁৱৰণত আন্তঃগুৱাহাটী স্কুল ভিত্তিত তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। আনহাতে সন্ধিয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ তলত বন্তি প্ৰজ্বলন কৰে সংঘৰ উদ্যোগক্তাৰ লগতে স্থানীয় ৰাইজে।

উল্লেখ্য যে,চিত্ৰাংকন প্ৰতিযোগিতাত মহানগৰীৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। সমিতিয়ে জনোৱা ফলাফল অনুসৰি ক্ৰমে 'ক' শাখাত প্ৰথম স্থান লাভ কৰে অসম জাতীয় বিদ্যালয়ৰ তৃষা দেৱী,দ্বিতীয় স্থান লাভ কৰে মহৰ্ষি বিদ্যা মন্দিৰৰ স্মিতাক্ষী ডেকা আৰু তৃতীয় স্থান লাভ কৰে কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী ধনশ্ৰীয়ে।

'খ' শাখাত প্ৰথম স্থান লাভ কৰে ডন বস্কো স্কুলৰ কৃকিতা ৰংপি,দ্বিতীয় স্থান লাভ কৰে অসম জাতীয় বিদ্যালয়ৰ ৰাজশ্ৰী ভট্ট আৰু তৃতীয় স্থান লাভ কৰে মহৰ্ষি বিদ্যামন্দিৰৰ মানস প্ৰতীম ডেকাই। একেদৰে 'গ' শাখাত প্ৰথম স্থান লাভ কৰে গুৰুকুল গ্ৰামাৰ স্কুলৰ হিয়াশ্ৰী কাশ্যপ,দ্বিতীয় স্থান লাভ কৰে নিউ গুৱাহাটী আদৰ্শ স্কুলৰ ভূমিকা দাস আৰু তৃতীয় স্থান লাভ কৰে কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ ছাত্ৰী নিশিতা বেজবৰুৱাই।

ফলাফল ঘোষণা কৰাৰ পিছতে লাচিত সংঘৰ কাৰ্যালয়ত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বঁটাসমূহ প্ৰদাণ কৰা হয়। এই অনুষ্ঠানৰ আঁত ধৰে অতুল্য মাধৱ গোস্বমীয়ে।

আৰু পঢ়কঃ জয়পুৰত এ.বি.ভি.পিৰ ৰাষ্ট্ৰীয় অধিৱেশনত লাচিত দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in