/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/684a765c-0e54-4d14-876b-b38371f33773/guwa.jpg)
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে নিশা মহানগৰীত সংঘটিত হয় এক জঘন্য কাণ্ড। গণৰাজ্য দিৱসৰ নিশা মহানগৰীত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়।
অভিযোগ অনুসৰি দহজনীয়া এটা যুৱকৰ দলৰ কামনাৰ বলি হয় এগৰাকী যুৱতী। গোৰেশ্বৰৰ হাতীবন্ধাৰ পৰা প্রথমে যুৱতীগৰাকীক অপহৰণ যুৱক কেইজনে। পিছত
নিচাযুক্ত টেবলেট খুৱাই ধৰ্ষণ কৰি বশিষ্ঠৰ ইন্দিৰা নগৰ পথত পেলাই থৈ যায়।
স্থানীয় লোকে যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে । বৰ্তমান যুৱতী গৰাকী সুস্থ আছে বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি গণৰাজ্য দিৱসৰ সমান্তৰালকৈ সৰস্বতী পূজাও পালন কৰা হৈছিল। গতিকে উক্ত দিনটোত কোনো এই ঘটনা সংঘটিত কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে আৰক্ষীয়ে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। অন্যহাতে বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই যুৱতী গৰাকীৰ পৰিচয়।
আৰু পঢ়ক: সভা-সংঘ, সকলো এতিয়া নেতাৰ ৰংগমঞ্চ!