''স্বামী-শাহুৱেকক হত্যা কৰি পাতিছিল পূজা'' দোষী হ'লে বন্দনাক গুলী মাৰক বুলি ক'লে পিতৃয়ে...

'তাই যদি দোষী তেন্তে গুলীয়াই মাৰক। তেনেকুৱা ছোৱালী নালাগে আমাক''- এই ভাষ্য গুৱাহাটী হত্য়াকাণ্ডৰ অভিযুক্ত বন্দনা কলিতাৰ পিতৃৰ।
''স্বামী-শাহুৱেকক হত্যা কৰি পাতিছিল পূজা'' দোষী হ'লে বন্দনাক গুলী মাৰক বুলি ক'লে পিতৃয়ে...

ডিজিটেল ডেস্ক: ''তাই যদি দোষী তেন্তে গুলীয়াই মাৰক। তেনেকুৱা ছোৱালী নালাগে আমাক''- এই ভাষ্য গুৱাহাটী হত্য়াকাণ্ডৰ অভিযুক্ত বন্দনা কলিতাৰ পিতৃৰ। নুনমাটি হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতই একাংশই সন্দেহ কৰিছিল যে বন্দনাৰ পিতৃ-মাতৃও হত্যাকাণ্ডত জড়িত আছিল। তাৰ পাছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কামিন কলিতাৰ।

বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক। প্ৰথমে স্বামীক মূৰত প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাইছিল। কিন্তু তেওঁৰ মৃত্যু নোহোৱাত জীয়াই থকা অৱস্থাতে স্বামীৰ ডিঙি কাটি দিছিল। তাৰ পাছতো মৃত্যু নোহোৱাত হাত কাটি দিছিল। ১৬ আগষ্ট ২০২২ ত সংঘটিত হৈছিল এই ঘটনা।

হত্যাৰ পাছত স্বামীৰ মৃতদেহ টুকুুৰা-টুকুৰ কৰি ভৰাই থৈছিল ফ্ৰীজত। ইয়াৰ দুদিন পাছতেই বন্দনাই শাহুৱেক শংকৰী দে'ক ডিঙি চেপি হত্যা কৰিছিল। এই দুটা হত্যাকাণ্ডত বন্দনাক সহযোগ কৰিছিল প্ৰেমিক ধনজিত ডেকা আৰু অৰূপ দাসে।

শাহুৱেকক হত্যা কৰাৰ এদিন পাছতেই তিনিও মেঘালয়লৈ গৈ পেলাই দিছিল দুয়োটা মৃতদেহ। তাৰ পাছত আৰম্ভ হৈছিল বন্দনাৰ নাটক। স্বামী- শাহুৱেক নিৰুদ্দেশ হোৱা বুলি দাখিল কৰিছিল এজাহাৰ।

স্বামী-শাহুৱেকৰ সুুৰক্ষাৰ্থে ঘৰত কৰিছিল সত্যাননাৰায়ন পূজা। তাৰ পাছতেই বন্দনাই অমৰজ্যোতিৰ মোমায়েকে টকা হৰলুকি কৰা বুলি দ্বিতীয়খন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে সেই টকা বন্দনাইহে উলিয়াইছিল।

পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড। ধনজিত ডেকাৰ সৈতে আছিল বন্দনাৰ প্ৰেমৰ সম্পৰ্ক। ইতিমধ্যে ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ কৰিছে মৃতদেহ কঢ়িওৱা বাহন। লগতে উদ্ধাৰ হৈছে মৃতদেহৰ কেইটামান টুকুৰা।

বহু ন ন তথ্য উন্মোচন হৈ আছে এই হত্যাকাণ্ডৰ। বন্দনাৰ ঘৰৰ ছাদত উদ্ধাৰ হৈছে বিভিন্ন সা সামগ্ৰী। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বন্দনাৰ নৃশংসতাৰ ন ন তথ্য।

আৰু পঢ়ক: বন্দনাঃ মাইকী নে ডাইনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in