ATM ৰ পিন সলনি কৰি প্ৰৱঞ্চনা, গুৱাহাটীত গ্ৰেপ্তাৰ ৬ জন...

ATM ৰ পিন সলনি কৰি প্ৰৱঞ্চনা, গুৱাহাটীত গ্ৰেপ্তাৰ ৬ জন...

ডিজিটেল ডেস্কঃ মহানগৰ আৰক্ষীৰ জালত এটা বৃহৎ‍ চাইবাৰ অপৰাধী চক্র। ATMৰ পিন সলনি লৈ বহু লোকক প্রৱঞ্চনা কৰি আহিছিল চক্রটোৱে।

প্রথমে মোবাইললৈ মেছেজ প্রেৰণ কৰে দলটোৱে। পিছত ATM কাৰ্ড বন্ধ কৰাৰ ভয় দেখুৱাই আৰু পৰৱৰ্তী সময়ত মোবাইললৈ প্রেৰণ কৰা OTPৰ সহায়ত ধন লুট কৰে।

কলকাতাৰ এটা চক্রও জড়িত আছে এই চক্ৰটোৰ সৈতে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৬জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰে ৩ মাষ্টাৰমাইণ্ড গুৱাহাটীৰ বশিষ্ঠৰ আৰু আন ৩জন কলকাতাৰ।

বাতৰি লিখাৰ পৰলৈকে গ্ৰেপ্তাৰ হোৱা কেইজনৰ নাম জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

ATM ৰ পিন সলনি কৰি প্ৰৱঞ্চনা, গুৱাহাটীত গ্ৰেপ্তাৰ ৬ জন...
৮ আৰক্ষী থানাৰ OC বদলি কৰাৰ পাছত আৰক্ষীয়ে বিচাৰি পালে DIG ৰ ফোন চুৰি কৰা জাভেদক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in