৮ আৰক্ষী থানাৰ OC বদলি কৰাৰ পাছত আৰক্ষীয়ে বিচাৰি পালে DIG ৰ ফোন চুৰি কৰা জাভেদক

৮ আৰক্ষী থানাৰ OC বদলি কৰাৰ পাছত আৰক্ষীয়ে বিচাৰি পালে DIG ৰ ফোন চুৰি কৰা জাভেদক

ডিজিটেল ডেস্কঃ সুৰক্ষিত নহয় গুৱাহাটী মহানগৰী। দিনক দিনে চহৰখনত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। আনকি এই অপৰাধৰ পৰা সাৰি নাযায় খোদ আৰক্ষীও। ২৩ জুলাইৰ পুৱা চিলনী চোৰে থপিয়াই লৈ গৈছিল আইন-শৃংখলা শাখাৰ ডিআইজি বিবেকৰাজ সিঙৰ মোবাইল ফোন।

প্ৰায় ৪ দিন পাছতহে মোবাইল চোৰ ধৰিবলৈ সক্ষম হ'ল আৰক্ষী। বৃহস্পতিবাৰে নগৰবেৰা আৰক্ষীয়ে মোবাইল চুৰি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে জাভেদ আলী নামৰ এজনক। ছফ্টৱেৰৰ সহায়ত মোবাইল চুৰিৰ কথা স্বীকাৰ কৰিছে ধৃত জাভেদে।

এগৰাকী উচ্চ পদস্থ বিষয়াৰ চুৰি মোবাইল বিচাৰিবলৈ আৰক্ষীক সময় লাগিল ৪ দিন। যদি আইন শৃংখলা শাখাৰ ডিআইডিৰ এই অৱস্থা তেন্তে সুৰক্ষা ক'ত সাধাৰণ জনসাধাৰণৰ?

এই ঘটনাৰ পাছতে গুৱাহাটীৰ ৮ খন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক শাস্তিমূলক বদলি কৰা হৈছিল। এতিয়া প্ৰশ্ন হয়, আৰক্ষীয়েই যদি নিজকে সুৰক্ষা কৰিব নোৱাৰে তেন্তে জনসাধাৰণে কি আশা কৰিব?

চোৰে যেন আৰক্ষীক নাকত ধৰি চাকত ঘূৰালে! বিগত কেইবছৰমানৰ পৰা গুৱাহাটীত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। ৰাইজৰ অভিযোগৰ পাছতো এই চিলনী চোৰক নাকী লগাবলৈ সক্ষম হোৱা নাই আৰক্ষী। তেনে স্থলত চোৰে আৰক্ষীৰ মোবাইল থপিয়াই নি যেন এক প্ৰকাৰ প্ৰত্যাহ্বানহে জনালে।

জানিব পৰা মতে, ঘোঁৰাৰে পহৰা দিব অসম আৰক্ষীয়ে। সম্ভৱতে ১ আগষ্টৰ পৰা আৰম্ভ হ'ব এই পহৰা।

৮ আৰক্ষী থানাৰ OC বদলি কৰাৰ পাছত আৰক্ষীয়ে বিচাৰি পালে DIG ৰ ফোন চুৰি কৰা জাভেদক
সামৰণি পৰিল সদৌ অসম টাং চ্যু ড্যু চেম্পিয়নশ্বিপঃ শিৱসাগৰলৈ শ্ৰেষ্ঠ জিলাৰ খিতাপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in