অভি-নীল হত্যাকাণ্ডঃ লেহেমীয়া গতিত বিচাৰ প্ৰক্ৰিয়া, উদ্বিগ্ন দুই পৰিয়াল

অভি-নীল হত্যাকাণ্ডঃ লেহেমীয়া গতিত বিচাৰ প্ৰক্ৰিয়া, উদ্বিগ্ন দুই পৰিয়াল

ডিজিটেল সংবাদ, নগাঁওঃ এতিয়াও লেহেমীয়া গতিত অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। দেশ কঁপোৱা বীভৎস হত্যাকাণ্ডৰ ৫বছৰ ৩মাহ উকলি যোৱাৰ পিছতো গতি লাভ কৰা নাই বিচাৰ প্ৰক্ৰিয়াই। যাৰ বাবে ন্যায় লাভৰ ক্ষেত্ৰত নগাঁও আদালতলৈ আহি আহি ভাগৰুৱা হৈ পৰিছে দুই ভুক্তভোগী পৰিয়ালৰ সদস্য।

প্ৰশ্ন হয়, ভুক্তভোগী পৰিয়াল দুটিয়ে ন্যায় কেতিয়া পাব ? ২০১৮ বৰ্ষৰ ৮ জুনতেই সংঘটিত হৈছিল দেশ কঁপোৱা এই কাণ্ড। কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক।

বৰ্তমান নগাঁৱৰ সত্ৰ ন্যায়ধীশৰ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া । শনিবাৰে এই ঘটনাৰ ৭১ জন সাক্ষীৰ ভিতৰত অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হয় যদিও এই বিচাৰ প্ৰক্ৰিয়া আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। সেইবাবেই এই ২০২৩ বৰ্ষতেই বিচাৰ প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান অভি-নীলৰ পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসৰ। নগাঁৱত সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনালে দুই পিতৃয়ে ।

অভি-নীল হত্যাকাণ্ডঃ লেহেমীয়া গতিত বিচাৰ প্ৰক্ৰিয়া, উদ্বিগ্ন দুই পৰিয়াল
কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথৰ কামত অসন্তুষ্ট ৰাইজঃ নৱ নিৰ্মিত পদপথত সোমাল ট্ৰাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in