শিশুৰ গুপ্তাংগত আঘাতৰ চিন, দেহত ইস্ত্ৰি, গৰম পানী ঢলাৰ দাগ স্পষ্ট! চিকিৎসক দম্পত্তীৰ ন ন তথ্য পোহৰলৈ

দুই চিকিৎসক দম্পত্তীৰ কু- কৰ্মই জোকাৰি গৈছে ৰাজ্য। চিকিৎসক ৱালিউল ইছলাম আৰু সংগীতা দত্ত সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য।

author-image
Asomiya Pratidin
New Update
শিশুৰ গুপ্তাংগত আঘাতৰ চিন, দেহত ইস্ত্ৰি, গৰম পানী ঢলাৰ দাগ স্পষ্ট! চিকিৎসক দম্পত্তীৰ ন ন তথ্য পোহৰলৈ

ডিজিটেল ডেস্কঃ দুই চিকিৎসক দম্পত্তীৰ কু- কৰ্মই জোকাৰি গৈছে ৰাজ্য। চিকিৎসক ৱালিউল ইছলাম আৰু সংগীতা দত্ত সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। ইতিমধ্যে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

Advertisment

অভিযোগ অনুসৰি শিশুটিৰ দেহত গৰম ইস্ত্রি, গৰম পানী ঢলাৰ চিন স্পষ্ট হৈ আছে। আৰক্ষীয়ে জব্দ কৰিছে শিশুটিৰ খেলাৰ সামগ্রী আৰু চাইকেল। পুত্র শিশুটিৰ ওপৰতো চলোৱা হৈছিল নিৰ্যাতন। GMCHত স্বাস্থ্য পৰীক্ষাৰ সময়ত পোহৰলৈ সকলো কথা।

পুত্র শিশুটিৰ গুপ্তাংগতো আঘাতৰ চিন। দীৰ্ঘদিন ধৰি শিশুটিৰ ওপৰত চলিছিল নিৰ্যাতন। শিশু সুৰক্ষা আয়োগে স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছিল আৰক্ষীক।

ইতিমধ্যে মনোচিকিৎসক দত্তই আৰক্ষীৰ আগত বহু বিস্ফোৰক স্বীকাৰোক্তি দিছে। তেওঁ জনোৱা অনুসৰি সন্তান দুটি তেওঁৰ নহয়। কোনোবা এগৰাকী মহিলাই তেওঁলোকক দি গৈছিল। তেওঁলোকৰ সন্দৰ্ভত নাই আৰু কোনো তথ্য।

উল্লেখ্য যে, এতিয়াও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। জানবি পৰা মতে গ্ৰেপ্তাৰৰ পূৰ্বে দত্তই মেকআপ কৰিহে আৰক্ষীৰ লগত আহিছিল। তাৰোপৰি তেওঁ নিশা লকআপতো থাকিব বিচৰা নাছিল। নিশা টোপনিৰ বাবে শ্লিপিং টেবলেট বিচাৰিছিল।

এই সমগ্ৰ ঘটনাৰ পৰা দুই দুই চিকিৎসক দম্পত্তীৰ মানসিক অৱস্থাৰ ওপৰতো বহু উত্থাপন কৰিছে। চিকিৎসক ৱালিউল ইছলামেও জেপত লৈ ফুৰে শ্লিপিং টেবলেট। গতিকে আনক জ্ঞান দি ফুৰা চিকিৎসক গৰাকীয়ে মানসিক সমস্যাৰ সন্মুখীন হৈ আহিছিল বুলি প্ৰশ্ন একাংশৰ।

আনহাতে ৱালিউল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক অভিযোগ। তেওঁ পূৰ্ব পত্নীকো নিৰ্যাতন কৰি ঘৰৰ পৰা খেদি দিয়াৰ অভিযোগ উত্থাপন হৈছে। গতিকে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ সত্যতা।

Also Read: দেশ-বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা