প্ৰচণ্ড ধুমুহাই প্ৰাণ কাঢ়িলে এজনৰঃ ভাঙি-চিঙি চুৰমাৰ ঘৰ-বাৰী

ধুমুহাৰ ফলত ঘৰত গছ পৰি মৃত্যু হয় ১ নং চিলাগাঁও নিবাসী অজিত বৈদ্য (৩৫) নামৰ যুৱকজনৰ

author-image
Asomiya Pratidin
New Update
প্ৰচণ্ড ধুমুহাই প্ৰাণ কাঢ়িলে এজনৰঃ ভাঙি-চিঙি চুৰমাৰ ঘৰ-বাৰী

ডিজিটেল সংবাদ,চিলাপথাৰঃ আজি সন্ধিয়া অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰি গ'ল চিলাপথাৰৰ গ্ৰাম্যঞ্চল। সন্ধিয়া মুষলধাৰ বৰষুণৰ সৈতে অহা প্ৰচণ্ড ধুমুহাই প্ৰান ল'লে এজনৰ।

Advertisment

ধুমুহাৰ ফলত ঘৰত গছ পৰি মৃত্যু হয় ১ নং চিলাগাঁও নিবাসী অজিত বৈদ্য (৩৫) নামৰ যুৱকজনৰ। জানিব পৰা মতে ঘটনাৰ সময়ত যুৱকজনে নিজা ভাতৃৰ সৈতে ঘৰত বহি আছিল। উক্ত সময়তে ধুমুহাত বাগৰি পৰা এডাল প্ৰকাণ্ড গছৰ চেপাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন।

পৰিয়ালৰ লোকে ততালিকে যুৱকজনক স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইপিনে বিধ্বংসী ধুমুহাত ১ নং চিলাগাঁও,২ নং চিলাগাওঁ,লৃচাং চ'ছাইটি,মেম্বাৰচুক, বালিগাঁৱৰ,ভৈৰৱপুৰ, কাংকান নগৰ আদি গাঁৱৰ বহু ঘৰ বাৰী ভাঙি চুৰমাৰ হয় ।

আনহাতে ধুমুহাৰ ফলত অসংখ্য গছ গছনি ভাঙি উভালি পৰে। পথৰ ওপৰত অসংখ্য গছ বাগৰি ব্যাহত কৰি তুলিছে যাতায়ত। ইপিনে টেঙাবাৰি আৰু চিচিবৰগাঁওত গছৰ ওপৰত ব্ৰজপাতত ভষ্মীভূত হয় কেইবাডাল গছ।

বাতৰি লিখা পৰলৈকে জ্বলি আছে গছৰ ডাল। নিৰ্বাপন হোৱা নাই জুই। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ।

Also Read: শ্ৰীশ্ৰী ন-ৰোৱা কুজি সত্ৰৰ প্ৰতিষ্ঠা দিৱস : হৰিনামৰ ধ্বনিৰে মুখৰিত চৌদিশ

natural disaster wind