কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আলোচনী 'গুৰুবাৰ্তা' উন্মোচন

কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আলোচনী 'গুৰুবাৰ্তা' উন্মোচন

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আলোচনী 'গুৰুবাৰ্তা' উন্মোচন

ডিজিটেল সংবাদ,গৰৈমাৰী : কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ উদ্যোগত মিৰ্জাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা সদৌ অসম ডায়েট ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি ডায়েট আৰু সমগ্ৰ শিক্ষা কামৰূপৰ যৌথ উদ্যোগত প্ৰকাশিত 'গুৰুবাৰ্তা' শীৰ্ষক আলোচনীখনৰ শীতকালীন সংখ্যাটো ১৪ ডিচেম্বৰত উন্মোচন কৰা হয় ৷

Advertisment

আলোচনীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে ৷ আলোচনীখনৰ সংখ্যাটো সম্পাদনা কৰিছে তৃপ্তিময়ী তালুকদাৰ আৰু জাহ্নুদেৱ কলিতাই। মুখ্য সম্পাদকৰ দায়িত্ব আছে ড° শিৰোমণি ভূঞা।

এই উপলক্ষে আয়োজিত সভাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা ড০ পংকজা বৰুৱাকে প্ৰমূখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে গুৰুবাৰ্তাৰ সদস্যবৃন্দই অংশগ্ৰহণ কৰে ৷ আনহাতে মিৰ্জাৰ আৰ বি স্কুল খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে চূড়ান্ত খেলখন কোকৰাঝাৰ ডায়েট আৰু শোণিতপুৰ ডায়েটৰ মাজত অনুষ্ঠিত হয় ৷

চূড়ান্তখেলত শোণিতপুৰ ডায়েটে ২-১ গ'লৰ ব্যৱধানত জয়লাভ কৰে ৷ চূডান্ত খেলত কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, সদৌ অসম কুমফু ফেডাৰেচনৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, সহকাৰী সম্পাদক ধৰ্মেশ্বৰ হালৈ, সুৰেশ্বৰ ডেকাকে আদি কৰি কেইবাজনো অতিথিয়ে অংশগ্ৰহণ কৰে ৷

Also Read: বিজেপিৰ লগত থাকি ড০ সমুজ্জল কুমাৰ ভট্টচাৰ্য্য আৰু জুবিন গাৰ্গে 'কা' বিৰোধ কৰি আছে : ড০ হীৰেণ গোহাঁই

kamrup DIET magazine football tournament