হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ সফল সামৰণি

 হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ সফল সামৰণি

ডিজিটেল সংবাদ, হাওৰাঘাট : অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক অভিলাসী আচঁনিৰ ভিতৰত গুণোৎসৱ অন্যতম।মূলতঃ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ ২০১৮ চনৰ পৰাই শিক্ষা বিভাগে এই পদক্ষেপ গ্ৰহন কৰি আহিছে। বিদ্যালয় সমূহৰ বিদ্যায়তনিক ,সহ বিদ্যায়তনিক , জনসাধাৰণৰ সহযোগিতা ইত্যাদি বাস্তৱ দিশবোৰ নিৰীক্ষণ কৰিবলৈ গুণোৎসৱক এক মাধ্যম হিচাপে গণ্য কৰা হৈছে।

এইবাৰো পঞ্চম পৰ্ব গুণোৎসৱৰ প্ৰথম পৰ্যায়ত অসমৰ ১২ খন জিলাৰ ভিতৰত কাৰ্বি আংলং জিলাও অন্তৰ্ভূক্ত হৈছে। ইয়াৰ পৰিপেক্ষিতত ঐতিহ্যমণ্ডিত হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ৩ জানুৱাৰীত স্বঃমূল্যায়ন আৰু ৫ জানুৱাৰীত বহিঃ মূল্যায়ন সফলতাৰে পৰিসমাপ্তি ঘটে ।

পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰি গুণোৎসৱৰ পাতনি মেলা হ'য়। পতাকা উত্তোলন কৰে বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ নাথে । পতাকা উত্তোলনৰ পিছতে ছাত্ৰীসকলৰ উপস্থিতি গ্ৰহণৰ পাছতে পঠন দক্ষতাৰ ওপৰত মূল্যাংকন কৰা হয়। অন্যহাতেদি ৫ জানুৱাৰীৰ পুৱা বহিঃ নিৰীক্ষক হিচাপে নিয়োজিত অংকিতা ৰাইজোঙক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আদৰি অনা হয়। উল্লেখ্য যে প্ৰাতঃসভাত ছাত্ৰীসকলে মাৰ্চ পাৰ্চ, প্ৰাৰ্থনা, সংকল্প পাঠ,মহৎ লোকৰ বাণী পাঠ, বিশেষ বিৱৰণী পাঠ,পৰিস্কাৰ পৰিছন্নতা পৰীক্ষা আৰু জাতীয় সংগীত পৰিবেশন কৰে ।

ইয়াৰ পাছত ছাত্ৰীসকলে মূল বহুবিকল্প প্ৰশ্নোত্তৰ পৰীক্ষাত অৱৰ্তীৰ্ন হয়। এই পৰীক্ষাত ছাত্ৰীসকলে লিখন দক্ষতা আৰু সাংখ্যিক সমস্যা সমাধান প্ৰশ্ন সমাধান কৰে।তদুপৰি বহিঃনিৰীক্ষকৰ দ্বাৰা প্ৰথম দিনৰ পঠন দক্ষতাৰ ওপৰত পুনৰ মূল্যাংকন কৰা হয় । ইয়াৰ সমান্তৰালকৈ বহিঃনিৰীক্ষকে বিদ্যালয়ত সমবেত হোৱা অভিভাৱক ,মাতৃগোট,বিদ্যায় উন্নয়ন আৰু পৰিচালনা সমিতি,অৱসৰপ্ৰাপ্ত শিক্ষক সকল আৰু প্ৰাক্তন ছাত্ৰীবৃন্দৰ সৈতে এক গাম্ভীৰ্যপূৰ্ন আলোচনাত মিলিত হয়।

উক্ত অনুষ্ঠানত ছাত্ৰীসকলে সমৱেত সংগীত,একক সংগীত, আধুনিক নৃত্য আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰি এক আনন্দ মুখৰ পৰিবেশৰ সূচনা কৰে ।উল্লেখযোগ্য যে দুয়োটা দিনৰ সকলো কাৰ্যসূচীৰ সফলতাৰে ৰূপায়ন কৰা বাবে বিদ্যালয়ৰ ন'ডেল শিক্ষক প্ৰবীন নাথ আৰু প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্তই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।

 হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ সফল সামৰণি
ঢেকিয়াপতীয়া বাঘৰ সন্ধানৰ বাবে জাৰি ১৪৪ ধাৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in