জামুগুৰিহাটত আজিৰে পৰা গুণোৎসৱ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত আজিৰে পৰা গুণোৎসৱ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হয় গুণোৎসৱ ৷ সেই উদ্দেশ্যৰে নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ নবিল প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ বহি মূল্যায়ক হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক লোকনাথ লামা ৷

Advertisment

স্থানীয় ৰাইজ তথা অভিভাৱকৰ উপস্থিতিত এই উৎসৱৰ ৰঙা ফিটা কাটি শুভ উদ্ধোধন কৰি বিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপন কৰে বহি মূল্যায়ক লোকনাথ লামাই ৷ সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰি নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতমে কয় এই গুণোৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক, মানসিক শক্তি বৃদ্ধি হোৱাৰ লগতে শিক্ষাৰ গুণগত মান উন্নত হোৱাত অৰিহনা যোগাব ৷

আৰু পঢ়কঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ,গৰু গাড়ী জব্দ

gunotsav assam education dept school